পদত্যাগৰ পিছতে গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ দিশে চম্পাই চোৰেণৰ নাম চৰ্চালৈ আহিছে
পদত্যাগৰ পিছতে গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ

ডিজিটেল ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ। বুধবাৰে ৰাজ্যপালৰ হাতত পদত্যাগপত্ৰ অৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক।

বুধবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চোৰেণক ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। বিগত দুদিন ধৰি ইডিয়ে চলোৱা জেৰাৰ অন্তত আজি তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ভূমিৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত হেমন্ত চোৰেণৰ দিল্লীস্থিত বাসগৃহৰ পৰা মঙলবাৰে ইডিয়ে জব্দ কৰিছিল নগদ ৩৬লাখ টকাসহ দুখন বিলাসী বাহন। জানিব পৰামতে সম্প্ৰতি তেওঁক ইডিৰ জিম্মাতে ৰখা হৈছে।

ইফালে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ দিশে চম্পাই চোৰেণৰ নাম চৰ্চালৈ আহিছে। পোহৰলৈ অহা তথ্য অনুসৰি হেমন্ত চোৰেণৰ পদত্যাগৰ পিছত চম্পাই চোৰেণক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হ'ব।

পদত্যাগৰ পিছতে গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ
লাংহিনত ৰাজহুৱা পুথিভঁৰালৰ বহুভাষিক মুখপত্ৰ 'সৌৰজি' উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in