/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/50ab7ef3-f601-48df-b4c1-b9e316450d5e/173.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লাংহিনত ৰাজহুৱা পুথিভঁৰালৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বুধবাৰে বহু ভাষিক 'সৌৰজি' নামৰ মুখপত্ৰখনৰ প্ৰথম সংখ্যা হিচাপে উন্মোচন কৰা হয়। সাহিত্য অকাডেমি বঁটাপ্ৰাপক ঋতুৰাজ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত মুখপত্ৰখন উন্মোচন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে।
উল্লেখ্য যে ১০ বছৰ পূৰ্বে স্থাপন কৰা ৰাজহুৱা পুথিভঁৰালৰ বহুভাষিক 'সৌৰজি' নামৰ মুখপত্ৰ প্ৰকাশৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰচেষ্টা গ্ৰহণ কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । এই সভাত উপস্থিত থাকি আৰম্ভণিতে সংগীত শিল্পী জয়মতী নাৰ্জাৰীয়ে সুমধুৰ সংগীত পৰিবেশনেৰে উপস্থিত থকা সকলোকে আপ্লুত কৰি তোলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/4eb41c18-82a4-49bd-b045-031e3a1ff7ec/0099148f_0818_4540_968f_ec7d69efd033.jpg)
সভাত সাহিত্য অকাডেমি বঁটা প্ৰাপকদ্বয় ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী, অৰবিন্দ উজী, শিশু সাহিত্য অকাডেমি বঁটাপ্ৰাপক ৰত্নেশ্বৰ নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শান্তিৰাম বসুমতাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Also Read: চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত হোৱা আচৰণক গৰিহণা আম আদমি পাৰ্টি অসমৰ