বিহাৰত JDU নেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা

বিহাৰত JDU নেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা

author-image
Asomiya Pratidin
New Update
বিহাৰত JDU নেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিহাৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। বুধবাৰে নিশা এখন বিয়াৰ পৰা উভতি অহা সময়ত পাটনাৰ পুনপুন এলেকাত জেডিইউ নেতা সৌৰভ কুমাৰক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। উক্ত ঘটনাত সৌৰভ কুমাৰৰ সৈতে থকা লোকজনো আহত হয়।

Advertisment

উল্লেখ্য যে, নিতিশ কুমাৰৰ জনতা দল ইউনাইটেড ৰ কৰ্মী সৌৰভ কুমাৰৰ হত্যাক লৈ ক্ষুব্ধ হৈ পৰে সমৰ্থকসকল। ঘটনাৰ তথ্য অনুসৰি,দুচকীয়া বাহনত অহা ৪ জন দুৰ্বৃত্তই সৌৰভ কুমাৰক মূৰত দুবাৰকৈ গুলীওৱা লগতে তেওঁৰ সংগী মুনমুনক তিনিবাৰকৈ গুলীয়ায়। দুয়োগৰাকীক আহত অৱস্থাত হাস্পতাল লৈ নিয়া হয় যদিও চিকিৎসকে সৌৰভ কুমাৰক মৃত ঘোষণা কৰা লগতে মুনমুনৰ অৱস্থা গুৰুতৰ বুলি জানিব দিয়ে।

আনহাতে এই সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱা পাছতে ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সৌৰভ কুমাৰৰ হত্যাৰ খবৰ পায় ভুক্তভোগী পৰিয়ালক সমবেদনা জ্ঞাপনৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত হয় আৰজেডী নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিষা ভাৰতী।

Also Read: জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়াক সমৰ্থন বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

patna news jdu leader died saurabh kumar