জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়াক সমৰ্থন বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়াক সমৰ্থন বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

author-image
Asomiya Pratidin
New Update
জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়াক সমৰ্থন বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

ডিজিটেল সংবাদ,চিদলীঃ বিগত দিনত নিৰপেক্ষ ভূমিকাত স্থিতি গ্ৰহণ কৰি থকা সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনে অৱশেষত দৰং-ওদালগুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থীক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ ২৩ এপ্ৰিলত সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰঙিয়াত এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়।

Advertisment

উক্ত সভাত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।এই সন্দৰ্ভত সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শুভ মজুমদাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে মোডীক সমৰ্থন কৰা কথা সদৰি কৰে।

দেশৰ গণতন্ত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন চৰকাৰৰ হাত অধিক শক্তিশালী কৰিবলৈ আৰু তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবলৈ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনে বিনা চৰ্তে জাতিৰ সুৰক্ষাৰ স্বাৰ্থত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰী লোকসভা সমষ্টিৰ এন ডি এ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়াক পূৰ্ণ সমৰ্থন আগবঢ়ায়।

Also Read: মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

Bengali Federation BTR Bengali Youth Students Federation jayanta basumatary dilip saikia