/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cf15d3f9-5d76-4221-9c4d-0c9cdefeb6cb/HEMKOSHA_30.jpg)
কলকাতাৰ নেচনেল লাইব্ৰেৰীক জয়ন্ত বৰুৱাই প্ৰদান কৰিলে হেমকোষ ব্ৰেইল অভিধান...
ডিজিটেল ডেস্কঃ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই বৃহস্পতিবাৰে কলকাতাৰ নেচনেল লাইব্ৰেৰীত অৰ্পণ কৰে হেমকোষৰ ব্ৰেইল সংস্কৰণ। নেচনেল লাইব্ৰেৰীৰ সঞ্চালক প্ৰধান প্ৰফেচাৰ ড০ অজয় প্ৰতাপ সিঙে বৰুৱাৰ পৰা হেমকোষ ব্ৰেইল গ্ৰহণ কৰে। এই ক্ষেত্ৰত জয়ন্ত বৰুৱাক সংগ দিয়ে তেখেতৰ পত্নী ৰুবী বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9d0e0527-5e40-4bf9-89c2-3366c71c1cfc/3f5a5811_0009_4ee4_b16d_bf49adb68d20.jpg)
ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীৰ হাততো হেমকোষ ব্ৰেইল প্ৰদান কৰা হৈছে। ইয়াৰোপৰি দৃষ্টিহীনসকলৰ সুবিধা হোৱাকৈ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানলৈ হেমকোষ ব্ৰেইল বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।
উল্লেখ্য যে হেমকোষৰ ব্ৰেইল সংস্কৰণত হৈছে দ্বিভাষিক ব্ৰেইল অভিধান। ২০২২ চনত তদানীন্তন ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উন্মোচন কৰিছিল এই দ্বিভাষিক ব্ৰেইল অভিধানখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/827f2d62-e2c4-4eef-a290-5d19c73f3292/e3247487_0f24_423d_b9dd_67f8052c331f.jpg)
এই অভিধানখনক গীনিজ বুকে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে আনুষ্ঠানিকভাৱে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে। এই অভিধানখনত আছে মুঠ ২১ টা খণ্ড, ৬ টা উপ-খণ্ড। ইয়াত আছে ৯০ হাজাৰ ৪৬০ টা শব্দ।
হেমকোষ ব্ৰেইল দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইল অভিধান। অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ প্ৰচেষ্টাত হেমকোষৰ এই ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হৈছিল।
Also Read: গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!