গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!

গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!

ভাস্কৰ শৰ্মা

এক বৃক্ষ দশ পুত্ৰসম। এই কথাফাঁকিৰ আঁত ধৰিয়েই বিভিন্ন অনুষ্ঠানৰ অন্যতম কাৰ্য্যসূচী গছপুলি ৰোপণ। এটা সৰু অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিয়াগোম নেতাৰ সমাবেশ থকা অনুষ্ঠানলৈকে গছপুলি ৰোপণ কাৰ্য্যসূচী ৰখা হয়।

প্ৰাথমিক শিক্ষা আহৰণ কৰোতেও গছৰ উপকাৰিতাৰ বিষয়ে পঢ়োৱা হয়। অকাৰণত গছ কাটিব নালাগে। 'গছ ভালপোৱা ককাৰ খং' ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ উল্লেখযোগ্য পদ্য। বিয়াত এখনত গৃহস্থই আমলখি গছজোপা কটা বাবেই অভিমানী কবিয়ে একোকে নাখাও বুলি ঠেহ পাতিছিল।

গছপুলি ৰোপণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ। সমগ্ৰ অসমতে আৰম্ভ কৰিছিল অমৃতবৃক্ষ অভিযান। বিভাগীয় কৰ্তৃপক্ষক নিয়োগ কৰি গঢ়ি তুলিছিল অমৃতবৃক্ষ অভিযান। চৰকাৰী কৰ্মচাৰীসকলে গছপুলি ৰুই সেই ফটো প্ৰেৰণ কৰিছিল বিভাগলৈ।

বিহুক গীনিজ ৰেক'ৰ্ডছত প্ৰতিষ্ঠা কৰাৰ দৰে অমৃতবৃক্ষৰো আছিল একে লক্ষ্য-উদ্দেশ্য। যেন অভিলেখৰ পিছত অভিলেখ গঢ়াৰ এক অঘোষিত প্ৰতিযোগিতা।

অমৃতবৃক্ষৰ অভিলেখত সফল হ'ল ৰাজ্য চৰকাৰ। গীনিজ কৰ্তৃপক্ষৰ পৰা লাভ কৰিলে বিশ্ব অভিলেখৰ সন্মান। বুধবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে অমৃতবৃক্ষ অভিলেখৰ গীনিজ সন্মান।

গীনিজ সন্মান গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে, খেতিপথাৰত শস্য আৰু বৃক্ষ অৰ্থনীতি গঢ়িব লাগে। তাৰ বাবে ডাঙৰ ডাঙৰ খেতিপথাৰসমূহত অৰ্থনৈতিক মূল্য থকা গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব লাগে।

এইক্ষেত্ৰত বন বিভাগ আৰু কৃষি বিভাগৰ মাজত সু-সম্পৰ্ক স্থাপন কৰি এই দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। কিন্তু প্ৰশ্ন হ'ল মৌ-মিঠা কথাৰে প্ৰকৃত সংৰক্ষণৰ কথা কোৱা মুখ্যমন্ত্ৰী অথবা ৰাজ্য চৰকাৰৰ প্ৰকৃতি সংৰক্ষণ অথবা বনানিকৰণত প্ৰকৃততে আন্তৰিকতা আছেনে? তেওঁলোকৰ কাম-কাজত সেই আন্তৰিকতা পৰিস্ফুত হয়নে?

অৰ্থনৈতিক মূল্য থকা গছ অসমৰ হাবি অথবা পাহাৰত পোৱা যায়। শাল, চেগুণ, গমাৰি, বনচোম,তিতাচপা ইত্যাদি মূল্যৱান গছ। এই সকলোবোৰ গছ অসমৰ হাবিত উপলব্ধ। ইয়াৰ মূল্যও বহু।

ইতিমধ্যে বিভিন্ন কাৰণ-অকাৰণে গছ কটাৰ প্ৰতিযোগিতা চলিছে। কিন্তু কথা হ'ল গছকটাৰ সমান্তৰলাকৈ গছপুলি ৰোপণ হৈছে নে ? পথ বহলোৱাৰ নামত, নতুনকৈ উৰণসেঁতু নিৰ্মাণৰ নামত, সৌন্দৰ্যবৰ্ধনৰ নামত বহু মূল্যৱান গছ-গছনি কটা গৈছে। অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে দৈনিক গছ কাটি কাঠৰ অবৈধ বেহা চলাই থকাৰ কথা নকলোৱেই বা !

এনে অসাধু চক্ৰই গোটে গোটে গিলিছে পাহাৰ। কাটি শেষ কৰিছে হাবি-জংঘল। বনাঞ্চল গুছি জনাঞ্চললৈ পৰিণত হৈছে। নিৰ্মাণ হৈছে বিলাসী ৰিজ'ৰ্ট, ফাৰ্ম হাউচ অথবা ফেক্টৰী।

ফলশ্ৰুতিত খাদ্যৰ অভাৱত, বসবাসৰ বাবে ঠাইৰ অভাৱত জনাঞ্চললৈ গতি কৰিছে জীৱ-জন্তু। এনে কাৰণতে দৈনিক বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। চিৰাঙৰ ৰিপু সংৰক্ষিত বনাঞ্চলত ঘটা সেই ঘটনা মনত আছে সকলোৰে।

বনাঞ্চলখনত চলি থকা বন ধ্বংসযজ্ঞ পৰ্যবেক্ষণ কৰিবলৈ যোৱা ছাত্ৰ সংগঠনৰ নেতা আৰু সাংবাদিকক কিদৰে আক্ৰমণ কৰিবলৈ খেদি আহিছিল বন ধ্বংসকাৰীয়ে। নিৰ্বিকাৰ ঢাল-তৰোৱালবিহীন প্ৰশাসন তথা বন বিভাগ।

চমক সৃষ্টি কৰিবলৈ সহজ। সেই চমকৰ ভমকত ক্ষন্তেকৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও পাৰি। কিন্তু প্ৰকৃতি সংৰক্ষণ, বানানিকৰণ আদিৰ বাবে চৰকাৰ তথা প্ৰশাসন, ক্ষমতাত থকাসকলৰ আন্তৰিকতাৰ প্ৰয়োজন। একেদৰে থাকিব লাগিব প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা।

কিন্তু অতি দুখৰ কথা এয়াই যে, সেই আন্তৰিকতা আৰু দায়বদ্ধতা চৰকাৰত থকাসকলৰ, প্ৰশাসন ক'তো দেখিবলৈ পোৱা নাই। যাৰ বাবে পঞ্চৰত্নৰ পৰা গুৱাহাটীলৈ পুনৰ ২৮ হাজাৰ গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এই পথত কাটিয়েই আছে গছ। পঞ্চৰত্নৰ পৰা ধূপধৰালৈ ইতিমধ্যে ১৮ হাজাৰ জোপা গছ কটা হৈছে। ইয়াৰে প্ৰায় ৬০ শতাংশ শাল গছ।

গোৱালপাৰা জিলাৰ সদৰ ৰেঞ্জৰ ৪৪৪ জোপা গছ কটা হৈছে। কৃষ্ণাই ৰেঞ্জৰ ৮৮২১ জোপা গছ কাটি শেষ কৰিছে। ৰংজুলি ৰেঞ্জৰ ৮২২৬ জোপা গছৰ প্ৰায় ৯০ শতাংশ গছ কটা হৈছে। এই গছবোৰৰ ভিতৰত কুমলীয়া শাল গছৰ পৰা ১০০ ৰ পৰা ২০০ বছৰীয়া গছো আছে।

এই বন ধ্বংস অভিযানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। ২১ নৱেম্বৰত ৰুজু হোৱা এই গোচৰটোৰ শুনানি ১০ জানুৱাৰীত গ্ৰহণ হ'ব। ইয়াৰ মাজতে এই পথছোৱা বহল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১,৩৩৮.৮৬১ কোটি টকা আবণ্টন দিছে বুলিও বাতৰি প্ৰকাশ পাইছে।

সেয়েহে মুখ্যমন্ত্ৰীয়ে গছপুলি ৰোপণ কৰি গীনিজ বুক অব্ ৱৰ্ল্ড ৰেক'ৰ্ডছৰ অনুষ্ঠানত প্ৰকৃতি সংৰক্ষণৰ যি বাণী বিলালে সেই বাণী যে অন্তঃসাৰ শূণ্য সেয়া বুজিবলৈ কাৰো বাকী থকা নাই। বৰ ঢোল কোবাই ৰেক'ৰ্ডৰ কথাৰে জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে প্ৰকৃতি সংৰক্ষণৰ বাবে পদ্ধতিগতভাৱে আৰু আন্তৰিকতাৰে কাম কৰিলেহে প্ৰকৃতিৰ সৈতে ন্যায় কৰা হ'ব।

অসমে সন্মান বুটলিলে কোনো অসমীয়াই বেয়া নাপায়। ৰেক'ৰ্ড কেৱল ৰেক'ৰ্ডৰ বাবে নহয় বৰঞ্চ ৰেক'ৰ্ড ৰাজ্যৰ মংগলৰ বাবে। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অসম দেশৰ, বিদেশৰ আদৰ্শ হওঁক। গছপুলি কিমান ৰোপণ কৰিলে সেই সংখ্যা ঘোষণা কৰাতকৈ প্ৰতি বছৰে ৰোপণ কৰা গছপুলি কিমান জীয়াই আছে সেই কথাও ঘোষণা কৰক।

এসময়ত জংঘলৰ ৰাজ্য হিচাপে পৰিচিত অসম পুনৰ জংঘলৰ ৰাজ্যত পৰিণত হওঁক।মানুহ, বন্যজীৱ-জন্তু সকলো সুৰক্ষিত হওঁক। পুৱাই উঠি মানুহে বিশুদ্ধ বায়ু সেৱন কৰাৰ এক পৰিৱেশ সূচনা হওক। উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণ সমান্তৰালকৈ আগবাঢ়ি যাওঁক। মানুহে সেয়াই বিচাৰে।

গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!
১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in