ৰেগিঙৰ নামত ছাত্ৰক উলংগ কৰি পেৰেড, যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ ১৩ জন

কলকাতাস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এজন ১৭ বছৰীয়া ছাত্ৰৰ মৃত্যুৰ পাছতে ভয়ংকৰ ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
ৰেগিঙৰ নামত ছাত্ৰক উলংগ কৰি পেৰেড, যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ ১৩ জন

ডিজিটেল ডেস্কঃ কলকাতাস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এজন ১৭ বছৰীয়া ছাত্ৰৰ মৃত্যুৰ পাছতে ভয়ংকৰ ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ছাত্ৰজনক উলংগ কৰি হোষ্টেলত পেৰেড কৰা হৈছিল।

Advertisment

প্ৰথম বৰ্ষৰ স্নাতক শিক্ষাৰ্থীজন ৯ আগষ্টত বিশ্ববিদ্যালয়ৰ মুখ্য ছাত্ৰাবাসৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যুমুখত পৰে। তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে ছাত্ৰগৰাকীক হোষ্টেলত ৰেগিং কৰ হৈছিল আৰু যৌন নিৰ্যাতনৰো সন্মুখীন হৈছিল।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ১৩ জনক গ্ৰেপ্তাৰ কৰিছে। এই আটাইকেইজনকে জেৰা চলাই থকা হৈছে। আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশুৰ কঠোৰ সুৰক্ষা আইন আদি ধাৰা প্ৰয়োগ কৰাৰ কথা কৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে ৰেগিঙৰ নামত ছাত্ৰগৰাকীক উলংগ কৰি পেৰেড কৰা হৈছিল। এঘন্টাতকৈ বেছি সময় তেওঁক ৰেগিং কৰা হৈছিল। উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ ছাত্ৰগৰাকী এটা কোঠাৰ পৰা আন এটা কোঠালৈ দৌৰিছিল। জানিব পৰা মতে ৰেগিঙৰ সময়ত ছাত্ৰগৰাকী সমকামিতা মূলক মন্তব্যৰো সন্মুখীন হ'ব লগা হৈছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিজেপিয়ে এই ঘটনাৰ বাবে তৃণমূল কংগ্ৰেছত জগৰীয়া কৰি বিভিন্ন মন্তব্য কৰাও দেখা যায়। ইয়াৰ ৰাজ্যখনৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য চিএ আনন্দ বসুয়ে এক বৈঠকৰ আহ্বান কৰিছে।

Also Read: প্ৰাণ গৈছিল ১৮ টাকৈ শিশুৰঃ ধেমাজিৰ বোমা বিস্ফোৰণৰ ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

crime