/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/969f1959-7a44-4a8b-bba9-07b4f92079c3/AP_FOR_WEB_dhemaji.jpg)
ডিজিটেল ডেস্কঃ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলোকে দোষমুক্ত ঘোষণা কৰে।
নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে।
২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ শিশুৰ মৃত্যু হৈছিল।
মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। প্রশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। কেওজন অভিযুক্তকে আজি দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
Also Read: চন্দ্ৰত অশোক স্তম্ভ আৰু ইছৰো ল'গ'! চন্দ্ৰত ১ দিন কি কৰিব ৰোভাৰ প্ৰজ্ঞানে...