জাপানী যুৱতীক হলীৰ নামত উৎপীড়ন চলোৱা ৩ জনক আটক, ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা...

জাপানী যুৱতীক হলীৰ নামত উৎপীড়ন চলোৱা ৩ জনক আটক, ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা...
জাপানী যুৱতীক হলীৰ নামত উৎপীড়ন চলোৱা ৩ জনক আটক, ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা...

ডিজিটেল ডেস্কঃ ৰঙৰ উৎসৱ ফাকুৱাত বহিঃৰাষ্ট্ৰৰ যুৱতী উৎপীড়ন কৰাৰ ঘটনাই দিল্লীত পুনৰ নাৰীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। এটাৰ পিছত আন এটাকৈ নাৰীজনিত অপৰাধে দিল্লীক জোকাৰি যোৱাৰ পিছতো নাৰীৰ সুৰক্ষাৰ দিশটোক আওকান কৰি আহিছে দিল্লী আৰক্ষীয়ে।

যাৰ বাবে জাপানৰ এগৰাকী যুৱতী উৎপীড়নৰ সন্মুখীন হ'বলগীয়া হ'ল। এইবাৰ ফাকুৱাত দিল্লীৰ পাহাৰগঞ্জ এলেকাত এগৰাকী জাপানী যুৱতীক কেইবাজনো লোকে বল প্ৰয়োগ কৰি ৰং লগোৱাৰ দৃশ্য ভাইৰেল হৈছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৩ জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা ৩ জন লোকৰ ভিতৰত আছে এজন নাবালক। আনহাতে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী যুৱতীগৰাকীয়ে দিল্লী এৰি বাংলাদেশলৈ গুছি গৈছে।

ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে আৰু যুৱতীগৰাকীক চিনাক্ত কৰাত সহায় কৰিবলৈ জাপানী দূতাবাসলৈ চিঠি প্ৰেৰণ কৰিছে। অৱশ্যে জাপানী দূতাবাসে এই সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো তথ্য নাই বুলি উল্লেখ কৰিছে।

সেয়ে আৰক্ষীয়ে সঠিক তথ্যৰ বাবে গোটেই ভিডিঅ'টো বিশ্লেষণ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ পোৱা তথ্য অনুসৰি জাপানৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতলৈ হোলীৰ আনন্দ উপভোগ কৰিবলৈ আহিছিল যুৱতীগৰাকী।

তেওঁৰ লগত হোৱা এই উৎপীড়ণৰ ভিডিঅ' নিজেই শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। কিন্তু পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে সেই ভিডিঅ' ডিলিট কৰিছিল। কিন্তু সামাজিক মাধ্যমত এতিয়াও ভাইৰেল হৈ আছে সেই ভিডিঅ'।

ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে, এগৰাকী যুৱতীক বলপূৰ্বক ভাৱে ফাকুৱাৰ ৰং লগোৱা হৈছে। এজন ল'ৰাই যুৱতীগৰাকীক বলপূৰ্বক ভাৱে ধৰি আছিল আৰু বাকীসকলে তেওঁক দেহত ৰং লগাই আছিল।

তাৰ মাজতে এজন যুৱকে যুৱতীগৰাকীৰ মূৰত এটা কণী ভাঙি দিছিল। এজন ব্যক্তিক যুৱতীগৰাকীয়ে চৰ মাৰি দিয়াও দেখিবলৈ পোৱা গৈছিল। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই পৰ্যন্ত এই ঘটনা সন্দৰ্ভত কোনো অভিযোগ দাখিল হোৱা নাই।

ইয়াৰ বিপৰীতে মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰি গোচৰটোত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে। তেওঁ কৈছিল যে, হোলীৰ দিনা বিদেশী এজনৰ সৈতে এনে কাৰ্য্য কৰাটো অতি লাজৰ বিষয়।

জাপানী যুৱতীক হলীৰ নামত উৎপীড়ন চলোৱা ৩ জনক আটক, ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা...
চৰকাৰে অধিগ্ৰহণ কৰিব শিলসাঁকোৰ জিঞ্জাৰ হোটলকে ধৰি ১৭ টা অনুষ্ঠানৰ ভূমি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in