/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ed6e2011-4b76-466b-be76-1e508c674d69/ginger_11.jpg)
চৰকাৰে অধিগ্ৰহণ কৰিব শিলসাঁকোৰ জিঞ্জাৰ হোটলকে ধৰি ১৭ টা অনুষ্ঠানৰ ভূমি...
ডিজিটেল ডেস্কঃ অসম চৰকাৰে অধিগ্ৰহণ কৰিব শিল সাঁকোত থকা জিঞ্জাৰ হোটেল। কেৱল জিঞ্জাৰেই নহয় শিল সাঁকোত থকা বহু প্ৰতিষ্ঠানৰে ভূমি অধিগ্ৰহণ কৰিব অসম চৰকাৰে।
মহানগৰীৰ শিলসাঁকো বিল অঞ্চলত মুঠ ১৭ টা প্ৰতিষ্ঠানৰ নামত অৱণ্টিত হৈ আছে ১৭৯ বিঘা ১৭ লেচা ভূমি। এই সমগ্ৰ ভূমি অধিগ্ৰহণ কৰি অসম চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ba55ee92-a47d-43f5-a5b7-cd7b62dfbd4e/48080e8d_f03e_4db2_907a_167dc84c0bdd.jpg)
চৰকাৰে ভূমি অধিগ্ৰহণ কৰিবলগীয়া এই ১৭ টা প্ৰতিষ্ঠানৰ ভিতৰত আছে হোটেল মেনেজমেণ্ট, অসম সাহিত্য সভা, সদৌ অসম টেনিছ এচ'ছিয়েশ্যন, কোচ ৰাজংবশী সন্মিলনী, অমিয় কুমাৰ দাস ইনষ্টিটিউট, অসম, চাহ শ্ৰমিক কল্যাণ পৰিষদ, অসম বিধানসভাৰ সচিবালয়ৰ বিষয়া আৱাসগৃহ আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8d96d051-345b-41c7-b30d-1b37b65872ca/daa54bc2_c4fc_479f_bb04_41fa97fc7fdd.jpg)
উল্লেখ্য যে, শেহতীয়াকৈ শিলসাঁকো বিলত জি এম ডিয়ে উচ্ছেদ অভিযান চলাইছিল। এই অভিযানক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সূচনা হৈছিল। সৰ্বসাধাৰণক উচ্ছেদ কৰি বিলাসী জিঞ্জাৰ হোটেল আৰু অন্যান্য প্ৰতিষ্ঠান উচ্ছেদ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই প্ৰতিক্ৰিয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9cd842a5-656c-4765-8dec-75f66cca5242/2c3ba2ee_b0bd_4231_984b_c377a413a4a6.jpg)
Also Read: অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...