বাসগৃহত প্ৰৱেশ কৰি আৰক্ষী কনিষ্টবলক হত্যা সন্ত্ৰাসবাদীৰ...

সন্ত্ৰাসবাদীয়ে লক্ষ্য় কৰি লৈছে নিৰাপত্তাৰক্ষীক। পুনৰবাৰ জম্মুু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে এগৰাকী আৰক্ষী বিষয়াক

author-image
Asomiya Pratidin
New Update
তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

jammu kashmir represENTETIVE PHOTO

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে লক্ষ্য় কৰি লৈছে নিৰাপত্তাৰক্ষীক। পুনৰবাৰ জম্মুু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে এগৰাকী আৰক্ষী বিষয়াক। প্ৰাপ্ত তথ্য অনুসৰি, সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ যায় এজন আৰক্ষী কনিষ্টবলৰ। বুধবাৰে আৰক্ষীয়ে জনাই এই কথা।

Advertisment

জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে কনিষ্টবল গোলাম মহম্মদ দাৰকৰ ঘৰত প্ৰৱেশ কৰি তেওঁক আক্ৰমণ কৰিছিল। ঘটনাটো কাশ্মীৰৰ কাৰ্লপোৰা গাঁৱত সংঘটিত হৈছে। কনিষ্টবলজনক আঘাতপ্ৰাপ্ত অৱস্থাত ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হৈছিল।

কাশ্মীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। বিবৃতিটোত কোৱা হৈছে যে আঘাতপ্ৰাপ্ত অৱস্থাত আছিল যদিও হাস্পাতাললৈ নিয়াৰ পাছত আৰক্ষী কনিষ্টবল গৰাকীৰ মৃত্যু হৈছিল। শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি কয় প্ৰেছ বিজ্ঞপ্তিটোত।

উল্লেখ্য় যে, ইয়াৰ পূৰ্বে পুলৱামাত এজন শ্ৰমিকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। তাৰপাছত দেওবাৰে এজন আৰক্ষী বিষয়াক গুলীয়াই আঘত কৰিছিল। ইয়াৰোপৰি দেওবাৰেও ঈদগাহ অঞ্চলত ক্ৰিকেট খেলি থাকোতে মাছৰুৰ আহমেদ ৱানীক গুলীয়াই হত্যা কৰা হৈছিল।

Also Read: পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

Jammu Kashmir