পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

author-image
Asomiya Pratidin
New Update
পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

ডিজিটেল সংবাদ, বোকাখাতঃ পৰ্যটকৰ বাবে আজি মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল। অগৰাতলিৰ বনাঞ্চলিক বিষয়া, সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত অগৰাতলি জীপ ছাফাৰী সন্থাই প্ৰথমটো যাত্ৰাৰে মুকলি কৰে বনাঞ্চলখন।

Advertisment

//ধীটৰাজ, মণিয়ৰী, পেলিকান, ঈগল, ব্লেকহেডেট আইবিছ আদি বহু প্ৰজাতিৰ পৰীভ্ৰমী চৰাইৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চল।

//বিগত সাত বছৰে দৰ্শনাৰ্থী মাচুল বঢ়া নাই যদিও অনাগত সময়ত দৰ্শণাৰ্থী মাচুল বঢ়াৰ সম্ভাৱনা থকাৰ কথা জানিবলৈ দিয়ে বন বিভাগে।

//বিগত পৰ্যটন বৰ্ষত ১৬০০০ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰিছিল অগৰাতলি বনাঞ্চল। ইয়াৰে ১০০০ আছিল বিদেশী পৰ্যটক।

//বনাঞ্চলখনৰ পৰা ৪৩ লাখ ৰেভিনিউ সংগ্ৰহ হৈছিল বিগত বৰ্ষত।

//ইফালে আজিৰ দিনটোতে বাগৰি আৰু কঁহৰা বনাঞ্চলত হাতী ছাফাৰী মুকলি কৰাৰ বাবে বহু সংখ্যক পৰ্যটকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে।

kaziranga national park