ভূমিস্খলনঃ পথতেই আবদ্ধ শ শ যাত্ৰী...

ভূমিস্খলনঃ পথতেই আবদ্ধ শ শ যাত্ৰী...

ডিজিটেল ডেস্ক : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন দেশৰ বহু অঞ্চল। ভূমিস্খলন তথা ধাৰাষাৰ বৰষুণৰ ফলত দেশৰ আন আন প্ৰান্তৰ লগতে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু মোগল পথৰো যান-বাহন চলাচল সাময়িকভাৱে বন্ধ হৈ পৰিছে। সমান্তৰালভাবে দিনটোৰ বাবে স্থগিত ৰখা হৈছে বানিহাল আৰু কাজিগুণ্ড ষ্টেচনৰ মাজত ৰে'ল সেৱা।

ভূমিস্খলনৰ বাবে কাশ্মীৰৰ বহুকেইটা অঞ্চলৰ যাতায়ত বন্ধ হৈ পৰিছে। ৰামবানৰ মেহাৰ, কেফেটেৰিয়া মৰ্হ, কিলা মৰ্হ, সীতা ৰাম পাচী আৰু পান্থিয়াল আদি অঞ্চল সংযোগী একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ কেইবাটাও অংশত ভূমিস্খলন সংঘটিত হোৱাত পথতেই আৱদ্ধ হৈ পৰিছে বহু যাত্ৰী। তদুপৰি পান্থিয়াল সুৰংগলৈ যোৱা পথটোৰ এটা অংশ উটুৱাই নিছে বান আৰু খহনীয়াই।

অৱশ্যে ইতিমধ্যেই পথচোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে। মেৰামতি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যাতায়ত তথা ভ্ৰমণকাৰীক নিষেধাজ্ঞা জাৰি কৰাৰ সমান্তৰালভাবে ভূমিস্খলন সাম্ভাব্য এলেকাতো নিষেধাজ্ঞা জাৰি কৰিছে। আনহাতে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি পুনৰ বৰষুণ হোৱাৰ সম্ভাৱনা হোৱাৰ খবৰে অঞ্চলবাসীক চিন্তিত কৰিছে।

ভূমিস্খলনঃ পথতেই আবদ্ধ শ শ যাত্ৰী...
মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in