মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ...

গুৱাহাটীৰ হেঙেৰাবাৰীত উদ্ধাৰ কৰা হৈছে দুটা মৃতদেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহ দুটা।

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হৈছে দুটা মৃতদেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। বিভাগটোৰ এটা আৱাসগৃহৰ পৰা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Advertisment

ইয়াৰে এজনক সুৰজিৎ‍ সিনহা বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই। উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে তদন্ত কৰে। এই ঘটনাই সমগ্ৰ হেঙেৰাবাৰী অঞ্চলৰ লগতে মহানগৰীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Also Read: পঞ্চায়ত নিৰ্বাচনৰ হিংসাঃ TMCৰ প্রতিনিধিক হত্যা BJP কৰ্মীৰ...

Assam police