৩০০ ফুট তলত পৰিল বাছঃ এই পৰ্যন্ত ৩০ যাত্ৰীৰ মৃত্যু....

৩০০ ফুট তলত পৰিল বাছঃ এই পৰ্যন্ত ৩০ যাত্ৰীৰ মৃত্যু....
৩০০ ফুট তলত পৰিল বাছঃ এই পৰ্যন্ত ৩০ যাত্ৰীৰ মৃত্যু....

ডিজিটেল ডেস্কঃ কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত অতি কমেও ৩০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন যাত্ৰী বাছ নিয়ন্ত্ৰণহীন হৈ পাহাৰৰ পৰা প্ৰায় ৩০০ ফুট তলত বাগৰি পৰাৰ ফলতে এই কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে।

বাছখনত থকা আন বহু কেইজন যাত্ৰীৰ অৱস্থা অতি সংকতজনক। সেয়েহে মৃতকৰ সংখ্যা আৰু অধিক বৃ্দ্ধি হোৱাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৪০ জনকৈ যাত্ৰী। বাছখনৰ এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী।

উদ্ধাৰকাৰীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ লেফেটেনেণ্ট গৰাকীয়ে।

তেওঁ এক শোক বাৰ্তাত কয়, ডোডাত এক মৰ্মান্তিক বাছ দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰাণহানিৰ ঘটনা অত্যন্ত বেদনাদায়ক। শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা আৰু দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। ক্ষতিগ্ৰস্ত লোকসকলৰ সকলো প্ৰয়োজনীয় সহায়ৰ বাবে জিলা প্ৰশাসন আৰু অন্যান্যসকলক নিৰ্দেশ দিয়া হৈছে।

৩০০ ফুট তলত পৰিল বাছঃ এই পৰ্যন্ত ৩০ যাত্ৰীৰ মৃত্যু....
ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in