নগাঁৱত সত্ৰাধিকাৰ সমাসীন সভা আৰু বক্তৃতানুষ্ঠান

১৩ আগষ্ট দেওবাৰে দিনৰ ১১ বজাৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভাৰম্ভ হয় এই অনুষ্ঠানটি

author-image
Asomiya Pratidin
New Update
নগাঁৱত সত্ৰাধিকাৰ সমাসীন সভা আৰু বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ জিলা পুথিভঁৰালত সতী ৰাধিকা মহিলা তীৰ্থ আৰু নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে বক্তৃতানুষ্ঠান আৰু সত্ৰাধিকাৰ সমাসীন সভা ৷ ১৩ আগষ্ট দেওবাৰে দিনৰ ১১ বজাৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভাৰম্ভ হয় এই অনুষ্ঠানটি৷

Advertisment

অনুষ্ঠানটি সঞ্চালনা কৰে ড° অৰুন্ধতী মহন্তই ৷ অনুষ্ঠানৰ পাতনিতে সত্ৰাধিকাৰসকলক মঞ্চলৈ আদৰণি জনোৱা হয় ৷ ইয়াৰ পিছতে মঞ্চ মুকলি কৰে সত্ৰাধিকাৰ নবীন গোস্বামীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত ঘোষা পাঠ কৰাৰ লগতে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত বৰগীত পৰিৱেশন কৰে চিন্ময় গোস্বামীয়ে ৷

উল্লেখযোগ্য যে, এই অনুষ্ঠানটিত "অসমৰ সত্রানুষ্ঠান : এটি তাত্ত্বিক সন্দর্শন" বিষয়ত মূল বক্তাৰ আসনখনি অলংকৃত কৰে অসমৰ প্রথিতযশা পণ্ডিত, গৱেষক ড° প্রদীপজ্যোতি মহন্তই। লগতে বক্তাৰূপে “অসমৰ সমাজ জীৱনৰ নিৰ্মাতা মহাপুৰুষ শংকৰদেৱ” বিষয়ত বক্তৃতা প্ৰদান কৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্র)ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, সু-লেখিকা ড০ ৰূপাঞ্জলী দেৱীয়ে।

Also Read: লামডিং আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ জব্দ হে'ৰইন, আটক...

Assam Satra Mohasabha