/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2fc81103-899e-4882-92b2-d6ddd9c05186/6.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ মাজতে ছত্তিশগড়ত আইইডি বিস্ফোৰণ। গাৰিয়াবন্দ জিলাৰ এখন দূৰৱৰ্তী গাওঁৰ পৰা উভতি অহা এটা ভোটগ্ৰহণ দলক নিৰাপত্তা আৱৰণ প্ৰদান কৰাৰ সময়ত আইইডি বিস্ফোৰণৰ ফলত এজন আইটিবিপি জোৱান নিহত হয়।
উল্লেখ্য যে, উৰিষ্যাৰ সীমান্তৱৰ্তী জিলা গৰিয়াবন্দ এটা নক্সাল প্ৰভাৱিত অঞ্চল। আনহাতে মধ্যপ্ৰদেশতো শুকুৰবাৰে নিৰ্বাচনৰ মাজতে মোৰেনা জিলাৰ ডিমানি বিধানসভা সমষ্টিত পুৱা দুটা গোটৰ মাজত শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ ফলত এজন লোক আহত হয় হোৱা বুলি জানিব পৰা গৈছে।
Also Read: বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...