বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...

বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...

author-image
Asomiya Pratidin
New Update
বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...

বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইগৰাকী মন্ত্ৰীৰ মতে ৰাজ্যখনৰ জনতাই ইভিএমত পদুম ফুলৰ চিহ্নত ভোটদান কৰিলে ভাৰতত বিজয় উদযাপন হ'ব।

Advertisment

কিন্তু যদিহে আন কোনো দল বিজয়ী হয় তেন্তে সেই বিজয় উদযাপন হ'ব পাকিস্তানে। কংগ্ৰেছৰ নাম নোলোৱাকৈ মূলতঃ কংগ্ৰেছকে উদ্দেশ্যিক কৰা এই মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মধ্যপ্ৰদেশৰ নৰোত্তম মিশ্ৰ নামৰ বিজেপি নেতা তথা মন্ত্ৰীগৰাকীয়ে ভোটগ্ৰহণ চলি থকাৰ মাজতে সংবাদ মাধম্যৰ আগত কয়, ''যেতিয়া ইভিএমত পদুম ফুলৰ চিহ্নৰ বুটাম টিপে তেন্তে ভাৰতত বিজয় উদযাপন হ'ব। কিন্তু যদি বেলেগ কোনোবা ৰাজনৈতিক দল বিজয়ী হয় তেন্তে সেই বিজয় উদযাপন হ'ব পাকিস্তানত। ৰাষ্ট্ৰীয় স্বাৰ্থ মনত ৰাখি সকলোৱে পদুম ফুলৰ চিহ্নৰ বুটাম টিপক।''

উল্লেখ্য মধ্যপ্ৰদেশত মূলতঃ নিৰ্বাচনী যুঁজখন শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ হৈ থাকিব। ২৩০ খন আসনৰ মধ্যপ্ৰদেশ নিৰ্বাচনত কংগ্ৰেছ, বিজেপি আৰু বহুজন সমাজবাদী পাৰ্টিয়ে আটাইকেইখন আসনতে প্ৰতিদ্বন্দিতা কৰিছে। আপ, চি পি আই এম, চি পি আই আদিয়েও কিছু সংখ্যক আসনত প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে।

বিভিন্ন সংস্থাৰ সমীক্ষা অনুসৰি ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ যুঁজ হ'ব। কিন্তু চি ভোটাৰৰ সমীক্ষা অনুসৰি এই ৰাজ্যখনত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব।

কমল নাথেও ৰাজ্যখনত ১৬০ খনতকৈ অধিক আসন লাভ কৰিব বুলি ভোটগ্ৰহণ চলি থকাৰ সময়তে দাবী কৰিছে। বিজেপিয়ে ইতিমধ্যে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, লোকসভা, ৰাজ্যসভাৰ সাংসদক এই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰি দলটো যে বিপদত পৰিছে সেই কথাৰ প্ৰমাণ দাঙি ধৰিছে।

Also Read: মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...

বিধানসভা নিৰ্বাচন মধ্যপ্ৰদেশ