'ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে' মোডীক প্ৰশংসা ইটালীৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনি। মোডীক ভাৰতৰ জনপ্ৰিয় নেতা সকলৰ ভিতৰত অন্যতম বুলি ধৰা হয়।

author-image
Asomiya Pratidin
New Update
'ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে' মোডীক প্ৰশংসা ইটালীৰ প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনি। মোডীক ভাৰতৰ জনপ্ৰিয় নেতা সকলৰ ভিতৰত অন্যতম বুলি ধৰা হয়।

Advertisment

মেলোনি বৰ্তমান ভাৰতত আছে। তেওঁ কয় যে ভাৰত আৰু ইটালীয়ে বহুতো ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত ভাৰতৰ ভূমিকা সন্দৰ্ভত মত ব্যক্ত কৰি তেওঁ কয় যে শত্ৰুতা সমাপ্ত কৰাৰ বাবে আলোচনা প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

তাৰ পাছতে মোডীয়ে কয় যে ভাৰত যিকোনো শান্তি প্ৰক্ৰিয়াৰ অংশ হ'বলৈ সাজু। ইউক্ৰেইন সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই ভাৰতে স্পষ্টকৈ কৈছে যে ইয়াক কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তে হে সমাধান কৰিব পাৰি।

মোডীয়ে কয় যে ভাৰত আৰু ইটালীয়ে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰি আছে। ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে 'মেক ইন ইণ্ডিয়া', স্বাৱলম্বী ভাৰতে বহুতো বিনিয়োগৰ সুযোগ সৃষ্টি কৰিছে। আমি ভাৰত আৰু ইটালীৰ মাজত 'ষ্টাৰ্ট-আপ ব্ৰীজ' স্থাপনৰ কথাও উল্লেখ কৰে মোডীয়ে।

ভাৰত আৰু ইটালীয়ে এই বছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিছ আছে । মেলানিয়াৰ সৈতে ভাৰত ভ্ৰমণৰ সময়চোৱাত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী এণ্টোনিঅ তাজানি আৰু এক উচ্চ পৰ্যায়ৰ বাণিজ্য প্ৰতিনিধি দল আছে ভাৰতত।

Also Read: চাকৰিৰ প্ৰলোভনেৰে চিকিৎসকক ধৰ্ষণ নাৰ্ছৰ, কৰিলে নগ্ন ফটো ভাইৰেল

narendra modi itali