ভাৰতলৈ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট'...

প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পিছত এইবাৰ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট' আহিব ভাৰতলৈ।

author-image
Asomiya Pratidin
New Update
ভাৰতলৈ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট'...

ডিজিটেল ডেস্ক: ভাৰতলৈ আহিব ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী। প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পিছত এইবাৰ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট' আহিব ভাৰতলৈ। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ ভাৰত ভ্ৰমণৰ খবৰে অৱশ্যে দেশ দুখনৰ মাজত প্ৰতিৰক্ষা দিশটোলৈ সু-বাৰ্তা কঢ়িয়াই আনিছে।

Advertisment

ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট' অহা সপ্তাহ ভাৰত ভ্ৰমণৰ বাবে আহিবলগীয়া খবৰ ইতিমধ্যেই প্ৰকাশ পাইছে। মন্ত্ৰী গৰাকীৰ ভাৰত ভ্ৰমণৰ বাতৰিয়ে দেশ দুখনৰ বিশেষকৈ ৰোম আৰু নতুন দিল্লীৰ মাজত ঘনিষ্ঠ প্ৰতিৰক্ষা সম্পৰ্ক গঢ়ি তোলাৰ আশা প্ৰকাশ কৰিছে। ভাৰতে অস্ত্ৰ প্ৰণালীৰ যৌথ বিকাশ আৰু উৎপাদন তথা বিশ্বৰ বাবে মেক ইন ইণ্ডিয়া- এই দুটা ক্ষেত্ৰৰ ওপৰত দৃষ্টি ৰাখি ইতিমধ্যেই "আত্মনিৰ্ভৰ ভাৰত"ৰ জড়িয়তে নিজাকৈ কাৰ্যপন্থা হাতত লৈছে। গতিকে ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ ভাৰত ভ্ৰমণত প্ৰতিৰক্ষা অস্ত্ৰৰ সাল-সলনি বিষয়টোও উত্থাপিত হোৱাৰ আশংকা কৰিছে বৌদ্ধিক মহলে।

ভাৰত ভ্ৰমণৰ বাবে আহিবলগীয়া ইটালীয়ান প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ পৰা ভাৰতে নিশ্চয়কৈ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশা প্ৰকাশ কৰা হৈছে।

Also Read: Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

Government of India