ফটো উঠিবলৈ 'হেলমেট' নহয় 'ষ্টাইল' লাগে

ফটো উঠিবলৈ 'হেলমেট' নহয় 'ষ্টাইল' লাগে

ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টমজেন ইমনা আলঙ। যিগৰাকী নেফিউ ৰিঅ' চৰকাৰৰ উচ্চ শিক্ষা তথা পৰ্যটন দপ্তৰৰ মন্ত্ৰী। এইগৰাকী নেতা প্ৰায়েই চৰ্চাত থাকে।

যুৱপ্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় নেতাগৰাকীয়ে সামাজিক মাধ্যমত বিভিন্ন ৰসাল কথা অথবা হাস্য-ব্যংগ্য ফটো-ভিডিঅ' শ্বেয়াৰ কৰি হাস্যৰসৰ খোৰাক যোগায়। ব্যস্ততাপূৰ্ণ জীৱনত আজৰি পালেই উল্লেখিত ধৰণৰ কাম-কাজৰ মাজেৰে মন্ত্ৰী টমজেন ইমনা আলঙে আনন্দ লাভ কৰে।

এনেবোৰ কৰ্ম-কাণ্ডৰ মাজতে তেওঁৰ এখন বিশেষ ফটোই সামাজিক মাধ্যমত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে এগৰাকী সতীৰ্থৰ সতে হাৰ্লি ডেভিডচন বাইকত বিনা হেলমেটৰে এখন ফটো উঠি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

এই বিশেষ ফটোখনৰ শিৰোমানত তেওঁ উল্লেখ কৰে যে, "কোনোৱে ক'ব হেলমেট কিয় নাই ? বন্ধুসকল ভংগীমা দিবলৈ ষ্টাইলৰ হে প্ৰয়োজন"। অৱশ্যে উক্ত শিৰোনামৰ তলতে তেওঁ সতৰ্কসূচক মন্তব্যয়ো কৰে।

তেওঁ তাত উল্লেখ কৰে যে, "কোনোৱে হেলমেট অবিহনে ভ্ৰমণ নকৰিব।" মন্ত্ৰীগৰাকীৰ স্বভাৱ সুলভ এনে কৰ্ম-কাণ্ডৰ বাবে তেওঁ প্ৰায়েই চৰ্চাত থাকে। ইতিমধ্যে সামাজিক মাধ্যমত তেওঁৰ এই ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁ সামাজিক মাধ্যমত চৰ্বিজাতীয় খাদ্যৰ পৰা কিদৰে কাৰ্ব কটিব পাৰি তাৰ উপায় দিছিল।

ফটো উঠিবলৈ 'হেলমেট' নহয় 'ষ্টাইল' লাগে
বদলি কৰিলেই জানো চৰিত্ৰ হ'ব সলনি !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in