বদলি কৰিলেই জানো চৰিত্ৰ হ'ব সলনি !

বদলি কৰিলেই জানো চৰিত্ৰ হ'ব সলনি !
বদলি কৰিলেই জানো চৰিত্ৰ হ'ব সলনি !

মৃদুল কুমাৰ সন্দিকৈ

জোনমণিৰ ভুল আছিল ! সেই ভুল কাৰ বাবে হৈছিল? এতিয়া কেৱল এচামে জোনমণিৰ ভুলকে প্ৰতিষ্ঠা কৰি বাকীসকলক সাৰি যোৱাৰ এক পৰিৱেশ ৰচনা কৰিছে। জোনমণিৰ ৰাভাৰ ওপৰতেই সমস্ত দোষ জাপি দি অসম আৰক্ষীত ধুমুহাৰ সৃষ্টি হোৱা সেই ঘটনা প্ৰবাহৰ সমাপ্তি ঘটোৱা হ'ব নেকি?

লাহে লাহে জোনমণি কেন্দ্ৰিক ঘটনাৰ বিৰুদ্ধে মানুহৰ যি জনমত সেয়া স্তিমিত হ'বলৈ আৰম্ভ কৰিছে। চৰ্চিত এটা খবৰৰ পাছত আন এটা খবৰে ভুমুকি মৰাৰ পাছত গুৰুত্বপূৰ্ণ হ'লেও সেই খবৰবোৰৰ গুৰুত্ব হ্ৰাস পায়।

এয়া এক ধাৰাবাহিক ঘটনা হৈ পৰিছে। এতিয়াও স্পষ্ট নহয়, জোনমণিৰ সৈতে কি হৈছিল। সেই সঠিক ঘটনাৰাজিক পোহৰলৈ অনাৰ বাবে চৰকাৰৰ কিমান সদিচ্ছা আৰু দায়বদ্ধতা আছে।

চি বি আইক তদন্ত দিলেই জানো সত্য পোহৰলৈ আহে? অসমতে সংঘটিত কিমান ঘটনাৰ তদন্ত চি বি আইক দিয়া হ'ল আৰু সেই তদন্তবোৰৰ ফলাফল কি হ'ল ? আছেনে কিবা ইতিবাচক ভাৱে ভাবিব পৰা গ্ৰহণযোগ্য উত্তৰ?

জোনমণি কাণ্ডৰ সন্দৰ্ভত হেনো ৰাজ্য চৰকাৰে আৰু মুখ নুখুলে। নিমাতে থাকিব অসম চৰকাৰ। চি বি আই তদন্তত যিসকল দোষী প্ৰমাণিত হয় তেওঁলোকে জে'লৰ ভাত খাব লাগিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনমণি কাণ্ডৰ সন্দৰ্ভত কোৱা এই কেইটাও শেহতীয়া বক্তব্য। লীনা দলে নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ থাকোতে জিলাখনত তীৰ খেল, নকল সোণৰ সৰবৰাহ, ড্ৰাগছৰ বেপাৰ মুকলিকৈ চলিছিল।

আৰক্ষীৰ ফালৰ পৰাই এইবোৰৰ পৃষ্ঠপোষকতা কৰা বুলি খবৰৰ প্ৰকাশ হৈছিল। তাৰ পাছত দুৰ্ভাগ্যজনক ভাৱে জোনমণি ৰাভাৰ মৃত্যুৱে আন বহু দিশ উদঙাই দিলে। মানুহৰ সন্দেহ নগাওঁ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতি।

যিদৰে লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধেও নকল সোণ আৰু জালনোটৰ ব্যৱসায়ীক পৃষ্ঠপোষকতা কৰাৰ অভিযোগ আছিল। তাৰ পাছতো লীনা দলেক এখন জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা আঁতৰাই আন এখন জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব কি দিব লগা হ'ল?

সেই প্ৰশ্ন এতিয়া মানুহৰ। নিকা প্ৰশাসনৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লীনা দলেৰ প্ৰতি এই নৰমস্থিতি কিয়? নগাঁৱত থাকোতে বটদ্ৰৱাৰ কাণ্ড কি সৰু ঘটনা আছিল? উন্মত্ত জনতাই জানো থানা জ্বলাই দিয়া নাছিল?

কাৰোবাক ভাল লগাবলৈ বেআইনী ভাৱে বুলডোজাৰ চলাইছিল লীনা দলেয়ে। দুৰ্ঘটনা সজাই হত্যা কৰাৰ ঘটনা, নীৰিহ লোকক এনকাউণ্টাৰ কৰাৰ প্ৰয়াস আদি ঘটনাবোৰৰ পুৰস্কাৰ নেকি এয়া?

জোনমণি ৰাভাৰ অস্বাভাৱিক মৃত্যুৰ পাছত চোকে-কোণে নকল সোণৰ, জাল নোটৰ চোৰাং ব্যৱসায়ী ধৰা পৰিছে। থানালৈ গৈয়ো ভয়তে এনে অপৰাধীয়ে দুই হাত দাঙিছে। যদি সেয়াই বাস্তৱ আছিল তেনে আগতে পুলিচ থকা, নথকাৰ কি প্ৰাৰ্থক্য আছিল?

এনেকৈয়ে যদি এখন জিলাৰ আৰক্ষী প্ৰশাসন চলিছিল তেনেহ'লে তাৰ দায়িত্ব কোনে মূৰ পাতি ল'ব লাগিছিল? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নহ'লেও গৃহমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই বিফলতা স্বীকাৰ কৰাৰ প্ৰয়োজন নাছিল নে?

খবৰ অনুসৰি নগাওঁ জিলাৰ আন এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) লীনা দলেৰ সোঁহাত আছিল। কলিতা উপধিধাৰী এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে হেনো চাকৰি কালত য'লৈকে গৈছিল দুহাতেৰে কেৱল ধন চপাইছিল।

কেতিয়াবা চোৰাং গৰুৰ ব্যৱসায়ীৰ পৰা, আন কেতিয়াবা তীৰ খেলৰ ব্যৱসায়ীৰ পৰা ধন লোৱাত পাৰ্গত হৈ পৰা এইগৰাকী আৰক্ষী বিষয়াক নগাঁৱলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) কৰি অনাত কাৰ হাত আছিল? অভিযোগ উঠাৰ দৰে লীনা দলেয়ে তেওঁৰ হৈ আৰক্ষী মুখ্য কাৰ্যালয়ত ফৰমাইছ কৰা নাছিল নে?

জোনমণি ৰাভাক আৰক্ষী অধীক্ষকে নজনাকৈ লখিমপুৰলৈ পঠিয়াব পৰাকৈ তেওঁ ক্ষমতাশালী আছিল। নগাঁৱৰ সেইজন পূৰ্বৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক নিয়মমাফিক নহয়, আৰক্ষীৰ কায়দাৰে জেৰা কৰিলে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব।

ৰুণা নেওগ নামৰ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)গৰাকীকো অনুৰূপ ধৰণেই জেৰা চলালে এই ক'লা ব্যৱসায়ীৰে জড়িত বহু নাম তেওঁ কৈ দিব পাৰিব। চি আই ডি তদন্তত উলোৱা বিস্ফোৰক কথাবোৰৰ আঁত ধৰিয়েই আৰক্ষীয়ে অন্ততঃ আৰক্ষীৰ বিৰুদ্ধে সঁচা অৰ্থত তদন্ত চলাবলৈ সাহস কৰক।

লখিমপুৰৰ পৰা আছামীক এৰি দিয়াৰ নামত সংগ্ৰহ কৰা ৬ লাখ টকা ধনৰ ৫০ হাজাৰ টকা কাক দিছিল জোনমণি ৰাভাই? চি আই ডিয়ে নিশ্চয় এইবোৰ তথ্য পাইছে। হয়তো সেই বাবেই নগাওঁ আৰু লখিমপুৰ জিলাৰ কেইবাখনো থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱা হৈছে।

সেইসকল আৰক্ষী বিষয়াৰ সম্পত্তি আৰু জমা ধনৰো এক তদন্ত হ'ব লাগে। আয়বৰ্হিভূত ভাৱে সেই ধন তেওঁলোকে ক'ৰ পৰা অৰ্জন কৰিছে তাৰ তদন্ত হ'লেই প্ৰমাণ হ'ব তেওঁলোক দোষী নে নিৰ্দোষী?

জোনমণি কাণ্ড সন্দৰ্ভত অতি সতৰ্কতাৰে মুখ্যমন্ত্ৰীয়ে খোজ দিছে। কিয়নো এফালে মুখ্যমন্ত্ৰীয়ে দেখিছে বিভিন্ন মাধ্যমত মানুহৰ ক্ষোভ আৰু আনফালে এইবোৰ গোমৰ ফাক ফাদিল হ'লে ওলাই পৰে আৰক্ষী বিভাগত চলা ব্যৱস্থাগত বিসংগতিসমূহ। মুখ্যমন্ত্ৰীয়েনো কেনেকৈ স্বীকাৰ কৰি লয় এই বিফলতাক?

জোনমণিৰ মৃত্যুৰ পাছত বিভিন্ন দৃষ্টি-কোণ পোহৰলৈ অনাত সংবাদ মাধ্যমৰ ভূমিকা শলাগিবলগীয়া। সংবাদ মাধ্যমৰ এনে তৎপৰতা অবিহনে এই ঘটনা এক সাধাৰণ দুৰ্ঘটনা হৈয়ে ৰৈ গ'লহেতেন।

যিসকল সংবাদ মাধ্যমৰ লোকে অত্যন্ত নিষ্ঠাৰে আৰু কষ্টৰে ঘটনা প্ৰবাহক তুলি ধৰিলে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু তাৰ সমান্তৰালকৈ জোনমণি কাণ্ডক বিপথে পৰিচালিত কৰিব পৰা সাক্ষী-বাদীক মহানায়ক সজোৱা এচামৰো মুখা খোল খালে।

সেই বাস্তৱকো বিশ্লেষণ কৰিবলগীয়া। কোনোবাই কিবা ক'লেই তাৰ সত্যতা নিৰূপণ নকৰাকৈ তেওঁৰ কথাবোৰ সত্যৰূপত প্ৰতিষ্ঠা কৰিবলৈ গৈ প্ৰতিষ্ঠিত সাংবাদিকেই মুখ থেকেচা খালে। নায়কৰ দৰে তেওঁলোকৰ সাক্ষাৎকাৰ প্ৰকাশ বা প্ৰচাৰ কৰোঁতে আমি এবাৰো এই বিচাৰ নকৰিলো যে এই মানুহজনৰ কথাবোৰে এই ঘটনাক বিপথে পৰিচালিত কৰিব পাৰে।

জোনমণি কাণ্ডই সাংবাদিককো এক শিক্ষা দি গ'ল। সেই শিক্ষা কোনোবা প্ৰণৱ নামৰ ড্ৰাইভাৰে দিয়া স্বীকাৰোক্তিৰ পাছৰ কৰণীয়খিনি সাংবাদিকে নকৰাকৈ খৰখেদাকৈ অভিমত দিয়াৰ শিক্ষা।

এতিয়া জোনমণি কাণ্ডও অতীত হৈ পৰিব নেকি? আন ঘটনাবোৰৰ দৰেই চি বি আই তদন্ত চলি আছে বুলি সময় পাৰ হোৱাৰ লগে লগেই সকলোবোৰ পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ সম্ভাৱনাই অধিক।

তদন্তত কি ওলাই সেয়া ৰাজহুৱা হয়, নহয় পৃথক বিষয়। এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ মৃত্যুৰ পাছত যি ধৰণৰ তথ্য পোহৰলৈ আহিল সেইবোৰে এটা কথাই কৈ গ'ল- পৃথিৱীত সকলো স্বাৰ্থপৰ। নিজক বচাবলৈ আনৰ গাত দোষ জাপি দিয়াতো আটাইতকৈ সহজ কাম। এই কাম ক্ষমতাশালী জনেও কৰে, অতি প্ৰিয় বুলি ভবা সহকৰ্মীসকলেও কৰিবলৈ কুণ্ঠাবোধ নকৰে।

বদলি কৰিলেই জানো চৰিত্ৰ হ'ব সলনি !
অমৃত পাল সিঙক জেৰা চলাবলৈ ডিব্ৰুগড় কাৰাগাৰত NSA ৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in