ইছৰোৱে সফলতাৰে উৎক্ষেপণ কৰিলে প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ...

ইছৰোৱে সফলতাৰে উৎক্ষেপণ কৰিলে প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ...
ইছৰোৱে সফলতাৰে উৎক্ষেপণ কৰিলে প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ...

ডিজিটেল ডেস্কঃ নতুন বছৰটোৰ আৰম্ভণিতে পুৱাই ইছৰোৱে উৎক্ষেপণ কৰিলে দেসৰ প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ বা XPOSAT। পুৱা ৯ঃ১০ বজাত এই উপগ্ৰহ উৎক্ষেপণ কৰিলে ইছৰোৱে।

উল্লেখ্য যে, এক্সপ'ছেটৰ জৰিয়তে কৃষ্ণ গহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধান কৰিব। এই উপগ্ৰহ প'লাৰ চেটেলাইট লঞ্চ ভেহিকেল চি ৫৮ ৰ জৰিয়তে উৎক্ষেপণ কৰিছে। বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণ কৰাৰ বাবে মাত্ৰ এটা বছৰৰ ভিতৰতেই ভাৰতৰ এয়া তৃতীয় অভিযান।

প্ৰথমটো আছিল ঐতিহাসিক চন্দ্ৰযান-৩ৰ অভিযান। আজি উৎক্ষেপণ কৰা ৪৬৯ কিলোগ্ৰাম ওজনৰ এক্সপ'ছেট প'লাৰ চেটেলাইট লঞ্চ ভেহিকেল চি ৫৮ কঢ়িয়াই নিছে। এই প'লাৰ চেটেলাইট লঞ্চ ভেহিকেল চি ৫৮ৰ উচ্চতা ৪৪ মিটাৰ আৰু ওজন ২৬০ টন।

ইছৰোৰ এই উপগ্ৰহটোৱে গভীৰ এক্স-ৰে উৎসৰ বিকিৰণৰ দিশৰ সৈতে জড়িত এক অধ্যয়নৰ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ ওলাইছে। এই পদক্ষেপত যদি ইছৰো সফল হয় তেন্তে ই ভাৰতীয় মহাকাশ গৱেষণা আৰু বিজ্ঞানৰ জগতখনত এক বৃহৎ অগ্ৰগতি আনিব পাৰে।

ইতিমধ্যে ইছৰোৱে আদিত্য এল-১ৰ সফলতাৰ বাবে অপেক্ষা কৰি আছে। জানিব পৰা গৈছে যে এক্সপ’জেট মহাকাশৰ ৫০টা উজ্জ্বল বস্তুৰ ওপৰত গৱেষণাৰ বাবে তথ্য সংগ্ৰহৰ বাবে উৎসৰ্গিত। ইয়াৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ, এক্টিভ গ্যালাক্টিক নিউক্লিআই, নিউট্ৰন ষ্টাৰ, নন থাৰ্মল ছুপাৰন’ভা আদি অন্যতম।

এই নতুন অভিযানৰ কাৰ্যকাল ৫ বছৰ। জানিব পৰা মতে এই উপগ্ৰহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৫০০ৰ পৰা ৭০০ কিলোমিটাৰ দূৰত্বত থাকিব। উল্লেখ্য যে ৰমন গৱেষণা প্ৰতিষ্ঠান, ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰই ইছৰোৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াইছে। এই পদক্ষেপৰ ফলত লাভ কৰা তথ্যই ভাৰতৰ মহাকাশ গৱেষণাৰ বিভিন্ন দিশত সফলতা আনিব বুলি ধাৰণা কৰা হৈছে।

ইছৰোৱে সফলতাৰে উৎক্ষেপণ কৰিলে প্ৰথমটো এক্স-ৰে' প'লাৰিমিটাৰ উপগ্ৰহ...
নৱবৰ্ষৰ প্ৰথম পুৱা সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰি বটদ্ৰৱা থানত ৰাইজৰ ভিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in