/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/829a85e5-80bf-41e4-8519-2e76b39ae77e/fgd.jpg)
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছৰে পৰা ৰভাৰ 'প্ৰজ্ঞান' কামত নিয়োজিত হৈ আছে। ইছৰোই ৰভাৰ প্ৰজ্ঞানৰ এটা নতুন ভিডিঅ' মুকলি কৰিছে। য'ত প্ৰজ্ঞানে চন্দ্ৰত ঘূৰি থকা দেখা গৈছে। সেই সময়তে লেণ্ডাৰ বিক্ৰমে তোলা এখন ফটো ইছৰোই শ্বেয়াৰ কৰিছে।
ভিডিঅটো শ্বেয়াৰ কৰি ইছৰোই লিখিছে- "প্ৰজ্ঞান ৰোভাৰে চন্দা মামাৰ কোলাত খেলি আছে। লেণ্ডাৰ বিক্ৰমে তেওঁৰ (প্ৰজ্ঞান) ফালে চাই আছে যেন এগৰাকী মাতৃয়ে মৰমেৰে সন্তানৰ খেল চাই আছে। আপুনিও এনেকুৱা ভাৱেনে?
Chandrayaan-3 Mission:
The rover was rotated in search of a safe route. The rotation was captured by a Lander Imager Camera.
It feels as though a child is playfully frolicking in the yards of Chandamama, while the mother watches affectionately.
Isn't it?🙂 pic.twitter.com/w5FwFZzDMp— ISRO (@isro) August 31, 2023
৩১ আগষ্টত ইছৰোই শ্বেয়াৰ কৰিছে এই ভিডিঅ। ইয়াৰ পূৰ্বে, চন্দ্ৰযান-৩ য়ে ২৮ আগষ্টৰ পুৱা প্ৰথম পৰ্যৱেক্ষণ আৰু চন্দ্ৰত উপস্থিত হোৱাৰ পঞ্চম দিনা সন্ধিয়া দ্বিতীয় পৰ্যৱেক্ষণ প্ৰেৰণ কৰিছিল। চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে। ছালফাৰৰ উপৰিও, এলুমিনিয়াম, কেলচিয়াম, লো, ক্ৰমিয়াম, টাইটেনিয়ামৰ উপস্থিতিও চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিছিল চন্দ্ৰযান-৩ য়ে। ১৪ দিনৰ বাবে ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ঘূৰি বিভিন্ন অনুসন্ধান কৰিব।
Also Read: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ভলীবল পৰীক্ষাৰ ফলাফল ঘোষণা