যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ভলীবল পৰীক্ষাৰ ফলাফল ঘোষণা

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২৩ জুলাইত অনুষ্ঠিত কৰা তৃতীয় শ্ৰেণীৰ ভলীবল পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২৩ জুলাইত অনুষ্ঠিত কৰা তৃতীয় শ্ৰেণীৰ ভলীবল পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰিছে।

Advertisment

ভলীবল ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ নাম হ'ল ক্ৰমে অৰ্ণৱ গগৈ, প্ৰত্যাশী শইকীয়া, প্ৰবীণ মুণ্ডা, ডিম্পী শইকীয়া, সিদ্ধাৰ্থ শংকৰ দত্ত, হিমাদ্ৰী ফুকন, আশ্ৰেষা বৰা, পম্পী বৰা, ঋতুপৰ্ণ বৰা, দিপাংকৰ বৰা, নৱজিৎ বুঢ়াগোহাঁই, অমৰজ্যোতি হাজৰিকা, বিকাশ বৰবৰা আৰু ঋতুৰাজ গগৈ।

উল্লেখযোগ্য যে, এই পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতা সমূহত ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি সন্থাই জনাইছে।

Also Read: কাপোৰ খোলাটো যদি অপসংস্কৃতি হয়, তেন্তে ইয়াৰ মূল বাহক ভূপেন বৰাঃ পীযুষ হাজৰীকা