ISROৰ আন এক সফলতা: শ্ৰীহৰিকোটাত উৎক্ষেপণ হ'ল এনভিএছ-অ'১ উপগ্ৰহ...

ISROৰ আন এক সফলতা। শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপণ হ'ল জিএছএলভি-এফ১২/এনভিএছ-অ'১ মিছনৰ।

author-image
Asomiya Pratidin
New Update
ISROৰ আন এক সফলতা: শ্ৰীহৰিকোটাত উৎক্ষেপণ হ'ল এনভিএছ-অ'১ উপগ্ৰহ...

ডিজিটেল ডেস্ক : ISROৰ আন এক সফলতা। শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপণ হ'ল জিএছএলভি-এফ১২/এনভিএছ-অ'১ মিছনৰ। এই মিছনত আছে এনভিএছ-অ'১ উপগ্ৰহ। যি উপগ্ৰহক প্ৰায় ১৯ মিনিটৰ উৰণৰ পিছত এক ভূ-সমকালীন স্থানান্তৰ কক্ষপথত সঠিকভাৱে উৎক্ষেপণ কৰে ISROয়ে।

Advertisment

২৯ মে', ২০২৩ অৰ্থাৎ সোমবাৰে শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএইচএআৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা ১০.৪২ বজাত উৎক্ষেপণ কৰা হয় এই মিছন। এই ভূ-সমকালীন উপগ্ৰহ উৎক্ষেপণ অভিযানটো প্ৰায় ২২৩২ কিলোগ্ৰাম ওজনৰ। উল্লেখ্য এনভিএছ-অ'১ হৈছে ভাৰতীয় নক্ষত্ৰমণ্ডল (নেভিআইচি) সেৱাৰ নেভিগেশ্বনৰ বাবে পৰিকল্পনা কৰা দ্বিতীয় সংস্কৰণৰ উপগ্ৰহবোৰৰ ভিতৰত প্ৰথম।

ISROই উৎক্ষেপণ কৰা এই এনভিএছ শৃংখলাৰ এইবাৰৰ সংস্কৰণত উপগ্ৰহটোত বৰ্ধিত বৈশিষ্ট্যৰে নেভিচিক বজাই ৰাখিব আৰু বৃদ্ধি কৰিব পৰাকৈ উৎক্ষেপণ কৰা হয়। য'ত অতিৰিক্তভাৱে এল১ বেণ্ডৰ সংকেত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে প্ৰথমবাৰৰ বাবে, এনভিএছ-অ'১ত এটা থলুৱা পাৰমাণৱিক ঘড়ীৰ উৎক্ষেপণ কৰা হৈছে।

Also Read: তৰমুজৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে জামুগুৰিহাটৰ যুৱকে...

Indian Space Research Organisation