২ ছেপ্টেম্বৰত সূৰ্যলৈ যাব ইছৰোৰ আদিত্য এল-১ !

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত এইবাৰ সূৰ্যলৈ যাব ইছৰোৰ মহাকাশযান। এসপ্তাহৰ ভিতৰতে ইছৰোৰ প্ৰথম সৌৰ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱণা আছে ।

author-image
Asomiya Pratidin
New Update
২ ছেপ্টেম্বৰত সূৰ্যলৈ যাব ইছৰোৰ আদিত্য এল-১ !

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত এইবাৰ সূৰ্যলৈ যাব ইছৰোৰ মহাকাশযান। এসপ্তাহৰ ভিতৰতে ইছৰোৰ প্ৰথম সৌৰ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱণা আছে । স্পেছ এপ্লিকেশ্যন চেন্টাৰ আহমেদাবাদৰ সঞ্চালক নীলেশ এম দেশাই সংবাদ সংস্থা এএনআইক কয় যে ইছৰোৱে ২ ছেপ্টেম্বৰত সৌৰ অভিযান আদিত্য এল-১ আৰম্ভ কৰিব পাৰে।

Advertisment

আদিত্য এল-১-য়ে সূৰ্য-পৃথিৱীৰ লাগ্ৰেঞ্জিয়ান বিন্দুত থাকি সূৰ্যৰ ওপৰত অধ্যয়ন কৰিব। এই বিন্দুটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। ইয়াত উপস্থিত হ'বলৈ প্ৰায় ১০৯ দিন লাগিব। আদিত্য এল-১ অভিযানৰ লক্ষ্য হৈছে এল১-ৰ চাৰিওফালৰ কক্ষপথৰ পৰা সূৰ্যক অধ্যয়ন কৰা।

মহাকাশযানখনে সাতটা পেলোড কঢ়িয়াই নিব যি বিভিন্ন তৰংগ বেণ্ডত আলোকমণ্ডল, ক্ৰমমণ্ডল (সূৰ্যৰ দৃশ্যমান পৃষ্ঠৰ ঠিক ওপৰেৰে) আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কোৰোনা) পৰ্যবেক্ষণ কৰাত সহায় কৰিব। ইছৰোৰ বিষয়াই জনোৱা অনুসৰি আদিত্য এল-১ সম্পূৰ্ণৰূপে মেক ইন ইণ্ডিয়া উদ্যোগত হ'ব।

Also Read: হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত চোৰাং গৰুসহ গ্ৰেপ্তাৰ এজন

isro