হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত চোৰাং গৰুসহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত চোৰাং গৰুসহ গ্ৰেপ্তাৰ এজন

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত চোৰাং গৰুসহ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ শিশুমাৰাত পুনৰ শনিবাৰে পুৱতি নিশা বিএছএফে ১টা চোৰাং গৰু সহ এজনক কৰি আৰক্ষীক গতাই দিছে।

উল্লেখযোগ্য যে শিশুমাৰা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বিএছএফে নিশা নদী সীমান্তত টহল দি থকা অৱস্থাত পুৱতি নিশা প্ৰায় ২ বজাত এজন গৰু চোৰাং সৰবৰাহকাৰীক কৰায়ত্ব কৰি এটা গৰু জব্দ কৰে। ধৃত সৰবৰাহকাৰীজনক জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ কোকৰাডাঙা গাঁৱৰ ময়নাল সেখৰ পুত্ৰ নুৰ মহাম্মদ (২৯) বুলি চিনাক্ত কৰা হৈছে।

নদী সীমান্তয়েদি সৰবৰাহকাৰীজনে গৰু লৈ বাংলাদেশলৈ গৈ থকা অৱস্থাত বিএছএফে কৰায়ত্ব কৰি খাৰুৱাবান্ধা আৰক্ষী চকীত গতাই দিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Also Read: চাকৰিৰ ক'লা বজাৰে চুইছেগৈ বিজেপিৰ বৰঘৰঃ দ্বীবন, অনুৰাগৰ মুখত শান্তনু পূজাৰীৰ নাম...