চন্দ্ৰযান-৩ ৰ আন এক সফলতা...

চন্দ্ৰযান-৩ ৰ আন এক সফলতা...

ডিজিটেল ডেস্কঃ মণিুপুৰৰ নৃসংশ ঘটনাই সমগ্ৰ দেশকে উত্তপ্ত কৰি ৰখাৰ মাজতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা দেশবাসীৰ বাবে আহিছে এক সুখবৰ। বহু প্ৰত্যাশিত মহাকাশযান চন্দ্ৰযান-৩ য়ে ইতিমধ্যেই চন্দ্ৰ অভিমুখে তৃতীয়টো কক্ষপথৰ যাত্ৰা সফলতাৰে সম্পন্ন চতুৰ্থতো কক্ষপথত প্ৰৱেশ কৰিছে।

ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বৃহস্পতিবাৰে ইচৰোই এক টুইটযোগে প্ৰকাশ কৰে এই উল্লেখযোগ্য পৰিঘটনাৰ কথা। আৰ্থ ৱাওণ্ড পেৰিজি ফায়াৰিং ৰুপে পৰিচিত কক্ষপথত প্ৰৱেশ কৰা এই কৌশলটো বাংগালুৰোৰ ইচৰো টেলিমেত্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ দ্বাৰা সফলতাৰে সম্পন্ন কৰা হয় আৰু এই কৃতিত্বই চন্দ্ৰযান-৩ক ইয়াৰ চূড়ান্ত গন্তব্যৰ দিশে আৰু এখোজ আগুৱাই নিয়ে।

ৰাষ্ট্ৰীয় মহাকাশ গৱেষনা সংস্থাটোৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা খবৰ অনুসৰি অহা ২৫ জুলাইৰ বিয়লি ২ৰ পৰা ৩ বজাৰ ভিতৰত সংস্থাটোৱে পঞ্চমতো কক্ষপথত প্ৰৱেশৰ বাবে পুনৰ এই কৌশল প্ৰয়োগ কৰিব।

উল্লেখনীয় যে, যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা চন্দ্ৰযান-৩ মহাকাশযানখনে দ্বিতীয়টো কক্ষপথৰ যাত্ৰা সফলতাৰে সম্পন্ন কৰাৰ খবৰ যোৱা দেওবাৰে এক টুইটযোগে দেশবাসীক জনাইছিল ইচৰোৰ কতৃপক্ষই। এই মহাকাশযান খনে কঢ়িয়াই নিয়া বিক্ৰম লেণ্ডাৰে অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থাটোৱে।

চন্দ্ৰযান-৩ ৰ আন এক সফলতা...
মৃতদেহ লৈ কৰিব নোৱাৰিব প্ৰতিবাদ, হ'ব জেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in