শ্ৰমিক নিযুক্তিৰ প্ৰস্তুতিঃ পাৰিশ্ৰমিক মাহে ১.৯২ লাখ, আছে অন্যান্য সুবিধাও...

নিৰ্মাণখণ্ডত নিয়োগ কৰিবলৈ দক্ষ শ্ৰমিক বিচাৰি ভাৰতলৈ আহিব ইজৰাইলৰ বিষয়া
শ্ৰমিক নিযুক্তিৰ প্ৰস্তুতিঃ পাৰিশ্ৰমিক মাহে ১.৯২ লাখ, আছে অন্যান্য সুবিধাও...
শ্ৰমিক নিযুক্তিৰ প্ৰস্তুতিঃ পাৰিশ্ৰমিক মাহে ১.৯২ লাখ, আছে অন্যান্য সুবিধাও...
Published on
Updated on

ডিজিটেল ডেস্কঃ দক্ষ শ্ৰমিক (Skilled labor) আৰু স্বাস্থ্যখণ্ডৰে জড়িত সেৱা কৰ্মীসকলৰ বাবে পুনৰ আহিছে এক সুৱৰ্ণ সুযোগ। নিৰ্মাণখণ্ডত শ্ৰমিক হিচাপে নিয়োগ লাভ কৰি মাহে ১.৯২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব দক্ষ শ্ৰমিকে।

ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ইজৰাইলে পুনৰ ভাৰতীয় দক্ষ শ্ৰমিকসকলৰ বাবে নিয়োগৰ এই সুযোগ লৈ আহিছে। ৰাষ্ট্ৰখনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে শ্ৰমিক আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে প্ৰয়োজন হৈছে স্বাস্থ্য কৰ্মীৰ।

এই শ্ৰমিক আৰু স্বাস্থ্য কৰ্মীৰ অভাৱ দূৰ কৰিবলৈ দেশখনৰ কৰ্তৃপক্ষ পুনৰ ভাৰতৰ কাষ চাপিছে। এই বিষয়ে অৱগত কৰিছে নেচনেল স্কিল ডেভলপমেণ্ট কৰ্পোৰেচনে (national skill development)। উল্লেখ্য যে, ইতিমধ্যে ইজৰাইলে ভাৰতৰ পৰা ১০ হাজাৰৰো অধিক শ্ৰমিক এক বিশেষ নিৰ্বাচনী প্ৰক্ৰিয়াৰৈ লৈ গৈছিল।

কিন্তু ইয়াৰে মাজৰ অধিকাংশই অদক্ষ হোৱাত তেওঁলোকে প্ৰায় ৫ হাজাৰ শ্ৰমিকক পুনৰ ভাৰতলৈ ঘূৰাই পঠিয়াইছে। এনএছডিচি (NSDC)য়ে জনোৱা অনুসৰি চলিত বছৰৰ আৰম্ভণিতে ইজৰাইলে নিৰ্মাণখণ্ডত নিয়োগ কৰিবৰ বাবে দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক বিচাৰি অনুৰোধ কৰিছিল। সেই একেই অনুৰোধ পুনৰ কৰিছে ইজৰাইলে।

যোৱা মঙ্গলবাৰে এই সন্দৰ্ভত এন এছ ডি চিৰ এক প্ৰতিবেদনত উল্লেখ কৰি কয়, পূৰ্বে এক বিশেষ নিৰ্বাচনী প্ৰক্ৰিয়াৰে ইজৰাইললৈ যিসকল ভাৰতীয় শ্ৰমিক লৈ যোৱা হৈছিল তাৰ মাজৰ কিছু শ্ৰমিকৰ নিৰ্বাচন প্ৰক্ৰিয়া সঠিক নাছিল। সেয়ে তেওঁলোকক পুনৰ ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে আৰু পুনৰ নতুনকৈ নিয়োগৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতে দেশখনত কৰ্মৰত হৈ থকা পেলেষ্টাইনী লোকসকলক ভাতে মৰাৰ বাবে ইজাৰইল চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকৰ ৱৰ্কিং ভিছা বাতিল কৰি সকলোকে কামৰ পৰা অব্যাহতি দিয়া হৈছিল।

সেই সময়ত দেশখনৰ নিৰ্মাণ খণ্ডত প্ৰায় ৯০ হাজাৰ পেলেষ্টাইনি কৰ্মৰত হৈ আছিল। এইসকলক দেশখনৰ পৰা আঁতৰাই পঠিওৱাত নিৰ্মাণ খণ্ডত শ্ৰমিকৰ নাটনিৰ সৃষ্টি হয়। শ্ৰমিকৰ এই নাটনি দূৰ কৰিবলৈকে ইজৰাইলে ভাৰতৰ ১ লাখ শ্ৰমিকক দেশখনৰ নিৰ্মাণখণ্ডত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

তাৰোপৰি দেশখনৰ স্বাস্থ্যখণ্ডতো ভাৰতীয় স্বাস্থ্য কৰ্মীক নিয়োগৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে ভাৰতৰ পাঁচ হাজাৰ ভাৰতীয় কৰ্মীক দুটাকৈ পৃথক প্ৰক্ৰিয়াৰে ইজৰাইলৰ বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰা হৈছে। বিদেশমন্ত্ৰণালয়ৰ অধীনত থকা বিভিন্ন বেচৰকাৰী সংস্থাৰ জৰিয়তে এইসকল শ্ৰমিকক নিয়োগ কৰা হৈছে। এইবাৰ পুনৰ এই নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ আগবাঢ়িছে।

অহা সপ্তাহত এই নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এন এছ ডি চিয়ে জনোৱা মতে এইবাৰ সম্পূৰ্ণ দক্ষতাৰ আধাৰত শ্ৰমিকসকলক নিয়োগ কৰিব। ইয়াৰ বাবে ইজৰাইলৰ পৰা এটা বিশেষ দল অহা সপ্তাহত আহি ভাৰতত উপস্থিত হ'ব। তেওঁলোকে শ্ৰমিকৰ দক্ষতা পৰীক্ষা কৰি নিয়োগৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব।

দক্ষ শ্ৰমিকৰ এই গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো মহাৰাষ্ট্ৰ (Maharashtra)ত অনুষ্ঠিত হ'ব। তাৰোপৰি ইজৰাইলৰ স্বাস্থ্যখণ্ডত নিয়োগৰ বাবেও এই একে সময়তে স্বাস্থ্যকৰ্মীও নিৰ্বাচন কৰা হ'ব। প্ৰায় ৫ হাজাৰ স্বাস্থ্য কৰ্মীক তেওঁলোকে নিয়োগ কৰিব।

ইয়াৰ বাবে আবেদন কৰিবলৈ বা নিৰ্বাচিত হ'বলৈ স্বাস্থ্যকৰ্মীসকলে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা শিক্ষা আহৰণ কৰা হোৱা হ'ব লাগিব। তেওঁলোক অন্তত দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাৰোপৰি অতি কমেও ৯৯০ ঘণ্টা প্ৰশিক্ষণ গ্ৰহণ কৰাৰো অভিজ্ঞতা থাকিব লাগিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইজলাইত শ্ৰমিক হিচাপে কাম কৰিবলৈ ১৬,৮৩২ গৰাকী শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল যদিও ১০,৩৪৯ গৰাকীকহে ইয়াৰ বাবে নিৰ্বাচন কৰা হৈছিল। তাৰে ৫ হাজাৰ অদক্ষ শ্ৰমিকক তেওঁলোকে ইতিমধ্যে ঘূৰাই পঠিয়াইছে।

জানিব পৰা মতে নতুনকৈ নিয়োগ কৰিবলৈ লোৱা এই শ্ৰমিকসকলক ইজৰাইল চৰকাৰে প্ৰতিমাহে ভাৰতীয় টকাৰ হিচাপত ১.৯২ লাখ টকা পাৰিশ্ৰমিক হিচাপে দিব। তাৰোপৰি প্ৰতি মাহে দিব ১৬,৫১৫ টকাকৈ বোনাচ। ইয়াৰোপৰি থাকিব তেওঁলোকৰ চিকিৎসা, খাদ্য আৰু বাসস্থানৰো সুব্যৱস্থা।

অৱশ্যে ইয়াৰ বাবে নিৰ্বাচিত হ’লেও শ্ৰমিকসকলক ইজৰাইললৈ যোৱাৰ পূৰ্বে এক বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণতে শ্ৰমিকসকলক ইজৰাইলৰ সংস্কৃতি, জীৱনধাৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভত সম্যক জ্ঞান দিয়াৰো ব্যৱস্থা কৰা হ’ব।

শ্ৰমিক নিযুক্তিৰ প্ৰস্তুতিঃ পাৰিশ্ৰমিক মাহে ১.৯২ লাখ, আছে অন্যান্য সুবিধাও...
হাততেই পৃথিৱী, সময়ৰহে নাটনি ! দূৰলৈ গ'ল আত্মীয়, স্খলন হ'ল ব্যক্তিত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in