প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিছে ৫০ কোটি টকাঃ সঁচা নে মিছা

দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিব ৫০ কোটি টকা। কেৱল ইমানেই নহয় প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা খাদ্যৰ সমস্ত খৰচো বহন কৰিব অভিনেতা গৰাকীয়ে। এই খবৰে এতিয়া ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিছে ৫০ কোটি টকাঃ সঁচা নে মিছা

ডিজিটেল ডেস্কঃ ''দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিব ৫০ কোটি টকা। কেৱল ইমানেই নহয় প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা খাদ্যৰ সমস্ত খৰচো বহন কৰিব অভিনেতা গৰাকীয়ে''- এই খবৰে এতিয়া ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

Advertisment

২২ জানুৱাৰীত হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা । বৃহস্পতিবাৰে ৰাম মন্দিৰৰ গৰ্ভভাগত প্ৰতিষ্ঠা কৰা হয় ৰামলালাৰ মূৰ্তি। ইয়াকে লৈ এতিয়া ৰাম নগৰী অযোধ্যাত উখল মাখল পৰিৱেশ । ৰাম মন্দিৰৰ বাবে দেশ-বিদেশৰ বহু প্ৰান্তৰ পৰা বিভিন্ন দান বৰঙনি আগবঢ়াইছে। পিছপৰি যোৱা নাই ছবিজগতো।

ইয়াৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ বিধায়ক চিৰলা জগ্গীৰেড্ডীয়ে দাবী কৰে যে প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিব ৫০ কোটি টকা। কেৱল ইমানেই নহয় প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা খাদ্যৰ সমস্ত খৰচো বহন কৰিব অভিনেতা গৰাকীয়ে।

কিন্তু এই খবৰ সম্পুৰ্ণ ভুৱা। প্ৰভাসৰ কামৰ তদাৰক কৰা বিষয়ববীয়াসকলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জনোৱা অনুসৰি এয়া কেৱল ভুৱা বাতৰি। প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰা নাই ৫০ কোটি টকা। অৱশ্যে প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ বাবে প্ৰভাসে নিমন্ত্ৰণ লাভ কৰিছে

Also Read: ল'বলৈ গৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প-পত্ৰ! কোনোবা পৰিল ঢলি, কাৰোবাৰ ভাগিল হাত

ram mandir PRAN Patishtha prabhas