ল'বলৈ গৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প-পত্ৰ! কোনোবা পৰিল ঢলি, কাৰোবাৰ ভাগিল হাত

ল'বলৈ গৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প-পত্ৰ! কোনোবা পৰিল ঢলি, কাৰোবাৰ ভাগিল হাত

ডিজিটেল সংবাদ, গোলাঘাটঃ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত অসম চৰকাৰে ৩৯ লাখ মহিলা আত্ম সহায়ক গোটৰ সদস্যালৈ এই আচনিৰ ফৰ্ম বিতৰণ কৰিছে । ইয়াৰ অংশ স্বৰূপে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কচুপথাৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত শুকুৰবাৰে এই আচনিৰ ফৰ্ম বিতৰণ কৰে ।

পুৱা ৯.০০ বজাৰ পৰা কচুপথাৰ গাওঁ পঞ্চায়ত এলেকাৰ ১০ টা ৱাৰ্ডৰ মহিলা আত্ম সহায়ক গোটৰ সদস্যাসকলে কচুপথাৰস্থিত গাওঁ পঞ্চায়ত কাৰ্যালয়ত ভিৰ কৰা দেখা যায় । কচুপথাৰ গাওঁ পঞ্চায়ত কাৰ্যালয়লৈ আত্ম সহায়ক গোটৰ সদস্যা সকলক আমন্ত্ৰণ কৰে যদিও পুৱা ৯.০০ বজাৰ পৰা আবেলি ৪.০০ বজালৈকে ৰৈ বহু আত্ম সহায়ক গোটৰ নাম নোলোৱাত একাংশ হতাশ মনে ঘৰলৈ উভতিব লগা হয় ।

অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে কঠালগুৰি উন্নয়ন খণ্ডই পঞ্চায়ত প্ৰতিনিধি আৰু বেংক মিত্ৰ সকলৰ দ্বাৰা আত্ম সহায়ক গোটৰ সদস্যা সকলক আমন্ত্ৰণ কৰি গোটৰ নাম নাই অহা বুলি কৈ ঘুৰাই পঠাব লগা অৱস্থা হৈছে । যাৱতীয় নীতিৰ অধীনত আত্ম সহায়ক গোট সমূহে সকলো ব্যৱস্থা অৱলম্বন কৰিছিল । অমৃত বৃক্ষ আচনিৰ দ্বাৰা গছপুলি ৰোপনৰ ফটো সহ চৰকাৰী সকলো নীতি-নিয়মত অন্তৰ্ভুক্ত হৈ থকাৰ পাছতো আজি ফৰ্ম নিদি হতাশ মনে উভতোৱা কাৰ্যই সচেতন মহলৰ চকু কপালত উঠিছে ।

গোলাঘাট জিলা কংগ্ৰেছ আদিবাসী ও চাহ কোষৰ অধ্যক্ষ জীতেন কুৰ্মীয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বিফল কৰিবলৈ অসম চৰকাৰে তৎকালীন ভাৱে মহিলা সকলৰ মাজত ফৰ্ম বিতৰণৰ ব্যৱস্থা কৰিছে । অন্যহাতে কচুপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাজেন ফুকনে সাংবাদিকক কয় যে পুৱা ৯.০০ বজাত মহিলা সকলক পঞ্চায়ত কাৰ্যালয়লৈ মাতি ফৰ্ম নিদি হতাশ মনে ঘূৰাই পঠিওৱা কাৰ্যই বহুতকে হতাশ কৰিছে।

অন্যহাতে আজিৰ এই বিশেষ দিনটোত বিভিন্ন গাঁও পঞ্চায়তত এক অভাৱনীয় পৰিস্থিতিৰো সৃষ্টি হোৱা পৰিলক্ষিত হয়। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাই আঁচনিখনৰ সুবিধা পোৱাৰ আশাৰে বিভিন্ন গাঁও পঞ্চায়তত আজি পুৱা ৭ /৮ মান বজাৰ পৰাই মহিলাসকলে দীঘলীয়া শাৰী পাতি আমনিদায়ক পৰিস্থিতিৰ সমুখীন হোৱাৰ লগতে বিভিন্ন অঞ্চলত অঘটন ঘটাৰো বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ অনুযায়ী কমাৰবন্ধা গাঁও পঞ্চায়ত আজি পুৱা ৮ মান বজাৰ পৰাই বিভিন্ন গাঁৱৰ মহিলাসকল গৈ আবেদন পত্ৰ সংগ্ৰহৰ বাবে সমবেত হয় আৰু দীঘলীয়া শাৰী পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। বহু সময় ধৰি এনে শাৰী পাতি থকা ৰাইদঙীয়া গাৱৰ মাইনী মহন্ত (৬০) নামৰ মহিলা গৰাকী হঠাৎ ঢলি পৰে আৰু তেওঁক পৰিয়ালে ততাতৈয়াকৈ চিকিৎসাধীন কৰিবলগীয়া হয়।

পঞ্চায়তটোত বহু মহিলাই আবেদন পত্ৰ সংগ্ৰহৰ সময়ত ঠেলা হেচা কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে । তেনেদৰে ইয়াৰ দক্ষীণ-দক্ষীণহেঙেৰা পঞ্চায়তত পুৱাৰ পৰা সন্ধিয়া ৫ মান বজালৈকে শ শ মহিলাই ভোকে পিয়াহে থাকি আবেদন পত্ৰ সংগ্ৰহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে আজি দক্ষীণ-দক্ষীণহেঙেৰাত পঞ্চায়তত সন্ধিয়ালৈকে প্ৰায় ২৩০০ আবেদন পত্ৰ পঞ্জীয়ন হয়। ইফালে গুৰযোগনীয়া পঞ্চায়তত আবেদন পত্ৰ সংগ্ৰহ পৰিবলৈ গৈ লাওভগাৰ এখন বেটাৰী ৰিক্সা দূৰ্ঘটনাত পতিত হৈ চুফেদা বেগম (২৫) নামৰ এগৰাকী মহিলা গুৰুতৰ ভাবে আহত হয়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত চিকিৎসাধীন কৰা হয়।জানিব পৰা মতে মহিলা গৰাকীৰ সো হাত আৰু সো ভৰি ভাগি চিকিৎসাধীন হ'বলগীয়া হয়।

ল'বলৈ গৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প-পত্ৰ! কোনোবা পৰিল ঢলি, কাৰোবাৰ ভাগিল হাত
মণিপুৰলৈও ৰাম আহিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in