তৃতীয়বাৰৰ বাবে শতক অৰ্জনেৰে আই পি এলত খলকনি শুভমণৰ...

তৃতীয়বাৰৰ বাবে শতক অৰ্জনেৰে আই পি এলত খলকনি শুভমণৰ...

ডিজিটেল ডেস্ক : চলিত আই পি এলতেই তৃতীয় বাৰৰ বাবে শতক অৰ্জন যুৱ খেলুৱৈ শুভমণ গীলৰ। শুকুৰবাৰে অনুষ্ঠিত আই পি এলৰ দ্বিতীয় কোৱালিফাইয়াৰ মেটছখনত শুভম গীলৰ পুনৰ চমক। গুজৰাট টাইটানছৰ যুৱ খেলুৱৈ গৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে শতক অৰ্জন কৰি চমক সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বেও আজি অনুষ্ঠিত ঠিক একেটা ষ্টেডিয়াম অৰ্থাৎ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতেই আই পি এল মেছত শুভমণ গীলে দুৰ্দান্ত প্ৰদৰ্শনেৰে শতকীয় ইনিংছ লাভ কৰিবলৈ সক্ষম হৈছিল।

আজিও সেই একেটা ষ্টেডিয়ামতে ৰোহিত বাহিনীৰ বিৰুদ্ধে খেলি ১২৯ ৰাণ কৰিবলৈ সক্ষম হয় শুভমণ গীলে। শুভমণৰ এই তৃতীয়টো শতকীয় অৰ্জনত স্বাভাৱিকতেই চৰ্চা চলিছে ক্ৰিকেট প্ৰেমীৰ মাজত।

তৃতীয়বাৰৰ বাবে শতক অৰ্জনেৰে আই পি এলত খলকনি শুভমণৰ...
হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in