হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি...

নগাঁৱৰ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ Platinum Jubileeৰ প্ৰথমটি অনুষ্ঠানৰ আয়োজন...
হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত উপনীত হৈছে। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

তাৰেই প্ৰথম কাৰ্যসূচী অহা ২৮ মে' দেওবাৰে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ'ব। মহাৰজত জয়ন্তীৰ প্ৰথম অনুষ্ঠানটি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্রাক্তন শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি ২৮ মে' পুৱা ৮ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন, ৮.৩০ বজাত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে আয়োজন কৰা হৈছে।

১০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা, ২ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা অনুষ্ঠিত হ'ব লগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰতীম শইকীয়াই গীতৰ শৰাই আগবঢ়াব।

ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰথমটো কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি...
কাকচাং জলপ্ৰপাতৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ সলিল সমাধি যুৱকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in