সভ্যতা-ঐতিহ্য সামৰি ৰাজধানীত স্থাপন হ'ব আন্তৰ্জাতিক সংগ্ৰহালয়

সংগ্ৰহালয়ত ভাৰতৰ ৫,০০০ বছৰতকৈ ওপৰৰ সমৃদ্ধ সভ্যতা সংস্কৃতিৰ কাহিনী দেখুওৱা হ'ব
সভ্যতা-ঐতিহ্য সামৰি ৰাজধানীত স্থাপন হ'ব আন্তৰ্জাতিক সংগ্ৰহালয়

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত স্থাপন হ'ব আন্তঃৰ্জাতিক সাংস্কৃতিক সংগ্ৰহালয়। অহা ১৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংগ্ৰহালয়টিৰ ব্লু-প্ৰিণ্ট জনতাৰ সন্মুখত উন্মোচন কৰিব।

ৰাজধানীস্থিত উত্তৰ-দক্ষিণ কোণত স্থাপন কৰা হ'ব সংগ্ৰহালয়টি। ১.১৭ লাখ বৰ্গ মিটাৰ এলেকা সামৰি ল'বলগীয়া সংগ্ৰহালয়টিৰ ৯৫০ টা কোঠাযুক্ত হ'ব। জানিব পৰা মতে অহা ১৮ মে'ত আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপ'ত ভাৰ্চুৱেলী ব্লু-প্ৰিণ্ট ৰাইজৰ সন্মুখত দাঙি ধৰা হ'ব।

আনহাতে দক্ষিণ অংশত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় আছে, উত্তৰ কোণত বিত্ত আৰু গৃহ মন্ত্ৰালয় আছে। উল্লেখ্য যে চৰকাৰে ২০২১ চনত উত্তৰ আৰু দক্ষিণ খণ্ডক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল।

বৰ্তমানৰ সংগ্ৰহালয়ৰ সকলো গেলেৰী নতুন স্থানলৈ স্থানান্তৰ কৰা হ'ব আৰু বৰ্তমানৰ ভৱনটো কৰ্তভায়া পথৰ অংশ হ'ব বুলি বুধবাৰে সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে উল্লেখ কৰে। বৰ্তমানৰ সংগ্ৰহালয়টিৰ ভেটি ১৯৫৫ চনত প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্থাপন কৰিছিল।

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে উল্লেখ কৰে যে উত্তৰ আৰু দক্ষিণ অংশক নতুন সংগ্ৰহালয়ত ভাৰতৰ ৫,০০০ বছৰতকৈ ওপৰৰ সমৃদ্ধ সভ্যতা সংস্কৃতিৰ কাহিনী দেখুওৱা হ'ব। য'ত ভাৰতীয় সভ্যতাৰ নিৰন্তৰ যাত্ৰা অনুসৰণ কৰি বিভিন্ন শাখা প্ৰদৰ্শন কৰা হ'ব।

সভ্যতা-ঐতিহ্য সামৰি ৰাজধানীত স্থাপন হ'ব আন্তৰ্জাতিক সংগ্ৰহালয়
'প্রতিদিন টাইম’ৰ অপিনিয়ন পোলঃ বৰ্তমানৰ চৰকাৰক লৈ কিমান সন্তুষ্ট জনতা, কোনটো দল প্ৰিয়? জানক সৱিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in