
ডিজিটেল ডেস্কঃ ১১ মে'ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পূৰ্ণ কৰিলে ২ বছৰ। এই সময়চোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ‘প্রতিদিন টাইমে অনুষ্ঠিত কৰিছিল অপিনিয়ন পোল। অনলাইন যোগে অনুষ্ঠিত কৰা এই পোলত বৰ্তমানৰ চৰকাৰক লৈ জনসাধাৰণক সোধা হৈছিল ৯টাকৈ প্ৰশ্ন । এই পোলৰ অন্তত প্ৰথম দিনাৰ কি ফলাফল ওলাল তলত সৱিশেষ উল্লেখ কৰা হ'ল-
প্ৰশ্ন ১ঃ বৰ্তমানৰ চৰকাৰৰ কোনটো দিশ আপুনি ভাল পাইছে ?
ক্ষিপ্র কাৰ্যপন্থা ভাল পোৱা লোকৰ সংখ্যাঃ ১২.৯৯ শতাংশ
কল্যাণকামী কাৰ্যকলাপঃ ১৯.৩৯ শতাংশ
প্রগতিশীল কাৰ্যকলাপঃ ১৪.৪৫ শতাংশই
ড্রাগছ-বাল্য বিবাহ বিৰোধী কাৰ্যকলাপঃ ৫৩.১৭ শতাংশ
প্ৰশ্ন ২ঃ আপোনাৰ দৃষ্টিত বৰ্তমানৰ চৰকাৰৰ ভুল কি?
সৰ্বাধিক লোকে একনায়কত্ববাদী মনোভাৱক ভুল বুলি গণ্য কৰে। ৬১.৯৭ শতাংশ লোকে বেয়া পায় একনায়কত্ববাদী আচৰণ।
প্ৰচাৰমুখীতা বেয়া পায় ২৩.১৯ শতাংশ লোকে
উৎসৱমুখীতা বেয়া পায়১৪.২২ শতাংশ লোকে
প্ৰশ্ন ৩ঃ কোনটো শিতানত ভাল কাম কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে?
এই প্ৰশ্নটোৰ বয়স, ধৰ্ম আৰু অঞ্চল অনুযায়ী সমীক্ষাৰ ফলাফল আছিল ভিন্ন। বাল্য বিবাহ ৰোধৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে সৰ্বাধিক লোকে।
ৰাজ্যৰ ৩৮.১২% লোকে বাল্য বিবাহ ৰোধক ভাল কাম কৰা বুলি গণ্য কৰে।
আন্তঃগাঁথনিৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে ১৮.০১% লোকে
স্বাস্থ্যৰ ক্ষেত্রত ভাল কাম কৰা বুলি ১৮.৭১% লোকে গণ্য কৰে
শিক্ষাৰ ক্ষেত্রত ভাল কাম কৰা বুলি ১২.৮৫% লোকে গণ্য কৰে
মাত্র ০.৮৫% লোকেহে উদ্যোগৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে
এনকাউণ্টাৰৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে ১১.৩৮শতাংশই
১৮-৫০ বয়সৰ ৩৫.৯৫%ই ভাল কাম আখ্যা দিছে বাল্য বিবাহ ৰোধক
১৮-৫০ বয়সৰ ২২.৩৪%ই আন্তঃগাঁথনিত ভাল কাম কৰা বুলি গণ্য কৰে
১৮-৫০ বয়সৰ ১৮.০৬%ই স্বাস্থ্য খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১৮-৫০ বয়সৰ ১০.৪%ই শিক্ষা খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১৮-৫০ বয়সৰ ১.৭৬%ই উদ্যোগ খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১৮-৫০ বয়সৰ ১১.৮%ই এনকাউণ্টাৰক ভাল কাম বুলি গণ্য কৰে
উজনি আৰু উত্তৰ অসমৰ ফলাফল একেলগে বিবেচনা কৰা হৈছিল
উজনিৰ ৩০.২৮%ই ভাল কাম আখ্যা দিছে বাল্য বিবাহ ৰোধক
উজনিৰ ২৭.৯৫%ই আন্তঃগাঁথনিত ভাল কাম কৰা বুলি গণ্য কৰে
উজনিৰ ১৫.৮%ই স্বাস্থ্য খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
উজনিৰ ১১.৪৮%ই শিক্ষা খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
উজনিৰ ১.১৬%ই উদ্যোগ খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
উজনিৰ ১৩.৩১%ই এনকাউণ্টাৰক ভাল কাম বুলি গণ্য কৰে
ধৰ্মৰ ভিত্তিত কৰা সমীক্ষাত আহিছিল ব্যতিক্রমী ফলাফল
৩১.৯% হিন্দুৱে বাল্য বিবাহ ৰোধক ভাল কাম বুলি গণ্য কৰে
৬০.৬১% মুছলমানে বাল্য বিবাহ ৰোধক ভাল কাম বুলি গণ্য কৰে
২৫.১% হিন্দুৱে আন্তঃগাঁথনিৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে
১৭.৬৮% মুছলমানে আন্তঃগাঁথনিৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে
১৮.৪১% হিন্দুৱে স্বাস্থ্যৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে
১.৪১% মুছলমানে স্বাস্থ্যৰ ক্ষেত্রত ভাল কাম কৰা বুলি গণ্য কৰে
১০.৫৬% হিন্দুৱে শিক্ষা খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
৯.৬৬% মুছলমানে শিক্ষা খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১.৮৪% হিন্দুৱে উদ্যোগ খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১.১৭% মুছলমানে উদ্যোগ খণ্ডত ভাল কাম কৰা বুলি গণ্য কৰে
১২.০৫% হিন্দুৱে এনকাউণ্টাৰক ভাল কাম কৰা বুলি গণ্য কৰে
৯.৪৩% মুছলমানে এনকাউণ্টাৰক ভাল কাম কৰা বুলি গণ্য কৰে
প্ৰশ্ন ৪ঃ বিৰোধী ঐক্যই বিজেপিক অসমত পৰাজিত কৰিব পাৰিবনে?
ৰাজ্যৰ ৫১% লোকেই বিশ্বাস কৰে বিৰোধী ঐক্যই ৰুধিব পাৰিব বিজেপিক
ৰাজ্যৰ ৪৮.৯% লোকে বিশ্বাস কৰে বিজেপিক ৰুধিব নোৱাৰে বিৰোধী ঐক্যই
উজনিত ৫৬.৯% লোকে ভাৱে বিৰোধী ঐক্যই ৰুধিব পাৰিব বিজেপিক
নামনিত ৪৮.২৫% লোকে ভাৱে বিৰোধী ঐক্যই ৰুধিব পাৰিব বিজেপিক
উজনিত ৪৩.০৯% লোকে ভাৱে বিজেপিক ৰুধিব নোৱাৰে বিৰোধী ঐক্যই
নামনিত ৫১.৭৪% লোকে ভাৱে বিজেপিক ৰুধিব নোৱাৰে বিৰোধী ঐক্যই
প্ৰশ্ন ৫ঃ আঞ্চলিকতাবাদক লৈ আশা কৰিব পাৰিনে?
৫৭.০৭% লোক আশাবাদী
৪২.৫৬% আশাবাদী নহয়
উজনি-উত্তৰ অসমৰ ৫৮.৪৮% লোক আশাবাদী
উজনি-উত্তৰ অসমৰ ৪১.৫১% লোক আশাবাদী নহয়
নামনি অসমৰ ৫৫.৭% লোক আশাবাদী
নামনি অসমৰ ৪৪.২৯% লোক আশাবাদী নহয়
প্ৰশ্ন ৬ঃ ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব পাৰিবনে?
৪৫.৩১% লোকৰ মতে ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব
৫৭.২৪% লোকে ভাৱে ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব নোৱাৰে
৩৪.৬৫% হিন্দুৱে ভাৱে ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব
৬৯.৯% মুছলমানে ভাৱে ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব
৬৫.৩৪%হিন্দুৱে ভাৱে ৰাহুল গান্ধীয়ে ৰাষ্ট্রীয় ৰাজনীতি সলনি কৰিব নোৱাৰে
৩০.০৯%মুছলমানে ভাৱেৰাহুল গান্ধীয়ে দেশৰ ৰাজনীতি সলনি কৰিব নোৱাৰে
প্ৰশ্ন ৭ঃ মুখ্যমন্ত্রীৰ প্রদৰ্শন কেনে?
৯.৯৫% লোকৰ মতে আশা কৰাতকৈ ভাল
ৰাজ্যৰ ৪৩.১৩% লোকৰ মতে ভাল
ৰাজ্যৰ ৩১.৯৯% লোকৰ মতে বৰ বেছি ভাল নহয়
ৰাজ্যৰ ৬.৭১% লোকৰ মতে খুবেই বেয়া
ৰাজ্যৰ ৬.২% লোকৰ মতে বেয়া
এই প্ৰশ্নটোৰ উত্তৰ বয়স অনুযায়ীও ভাগ কৰা হৈছে-
১৮-৫০ বয়সৰ ৯.৮১%ৰ মতে আশা কৰাতকৈ ভাল
১৮-৫০ বয়সৰ ৪৫.২২%ৰ মতে ভাল
১৮-৫০ বয়সৰ ৩০.৪৫%ৰ মতে বৰ বেছি ভাল নহয়
১৮-৫০ বয়সৰ ৬.৪৩%ৰ মতে খুবেই বেয়া
১৮-৫০ বয়সৰ ৬.৫১%ৰ মতে বেয়া
৫১ বছৰ ঊৰ্ধ্বৰ ৮.৬%ৰ মতে আশা কৰাতকৈ ভাল
৫১ বছৰ ঊৰ্ধ্বৰ ৪৭.৮৮%ৰ মতে ভাল
৫১ বছৰ ঊৰ্ধ্বৰ ২৯.৮%ৰ মতে বৰ বেছি ভাল নহয়
৫১ বছৰ ঊৰ্ধ্বৰ ৫.৯%ৰ মতে খুবেই বেয়া
৫১ বছৰ ঊৰ্ধ্বৰ ৭.৪৬%ৰ মতে বেয়া
প্ৰশ্ন ৮ঃ আপোনাৰ কোনটো ৰাজনৈতিক দল আটাইতকৈ প্ৰিয়?
এই প্ৰশ্নত ৰাজ্যৰ সৰ্বাধিক জনপ্রিয় দল হিচাপে বিবেচিত হৈছে বিজেপি।
ৰাজ্যৰ ৩৩.১৮% লোকৰ প্রিয় দল বিজেপি
ৰাজ্যৰ ৫.৫৭% লোকৰ প্রিয় দল আম আদমী পাৰ্টী
ৰাজ্যৰ ৩.৮৭% লোকৰ প্রিয় দল অসম গণ পৰিষদ
ৰাজ্যৰ ০.৩৪% লোকৰ প্রিয় দল এ আই ইউ ডি এফ
ৰাজ্যৰ ৭.১১% লোকৰ প্রিয় দল অসম জাতীয় পৰিষদ
ৰাজ্যৰ ২.৩৫% লোকৰ প্রিয় দল বি পি এফ
ৰাজ্যৰ ১.০১% লোকৰ প্রিয় দল ইউ পি পি এল
ৰাজ্যৰ ১৫.১১% লোকৰ প্রিয় দল কংগ্রেছ
ৰাজ্যৰ ৪.৯৯% লোকৰ প্রিয় দল ৰাইজৰ দল
ৰাজ্যৰ ০.৫৬% লোকৰ প্রিয় দল তৃণমূল কংগ্রেছ
প্ৰশ্ন ৯ঃ আজি নিৰ্বাচন অনুষ্ঠিত হ’লে কাক ভোট দিলে হয়?
ৰাজ্যৰ ৪৮.৩৯%ই এতিয়াও সিদ্ধান্ত লোৱা নাই কাক ভোট দিব।
ৰাজ্যৰ ৩২.৪৩%ই ভোট দিব এনডিএক।
ৰাজ্যৰ ১৭.১২%ই ভোট দিব ইউপিএক।
ৰাজ্যৰ ২.১১%ই ভোট দিব এ আই ইউ ডি এফক।
উজনিৰ ৫৩.৯৮%ই এতিয়াও সিদ্ধান্ত লোৱা নাই কাক ভোট দিব।
নামনিৰ ৫০.১১%ই এতিয়াও সিদ্ধান্ত লোৱা নাই কাক ভোট দিব।