/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d213f4d6-81ea-4707-9f4f-dc99d1317615/AP_FOR_WEB_pokhi.jpg)
ৰাজনীতিয়ে বিচ্ছেদ কৰিলে দুই বন্ধুক ! চিৰিয়াখানাত অবুজ বন্ধুৱে বাদ দিছে খাবলৈ...
ডিজিটেল ডেস্কঃ বন্য পক্ষী আৰু মানুহৰ মাজত বন্ধুত্ব সম্ভৱ নে? হয়তো অসম্ভৱ নহয়। যাৰ বাবে এনে বন্ধুত্বৰ কিছু কাহিনীয়ে মাজে মাজে বাতৰিৰ শিৰোনাম দখল কৰে।
তেনে এক কাহিনী এতিয়া কেৱল ভাৰততেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত চৰ্চিত হ'বলৈ আৰম্ভ কৰিছে। এই কাহিনী এটা সাৰস ক্ৰেইন পক্ষী আৰু আৰিফ নামৰ এজন যুৱকৰ। দুয়োৰে বন্ধুত্ব আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ১ বছৰ পূৰ্বে।
আৰু সেই বন্ধুত্বই যেন দুয়োৰে বাবে কাল হ’ল। ৰাজনীতিৰ পাকচক্ৰত পৰি দুয়ো এতিয়া বিচ্ছেদৰ বেদনতা দগ্ধ। উত্তৰ প্ৰদেশৰ আমেঠিৰ এক জীৱন্ত কাহিনী এয়া।
মহম্মদ আৰিফ নামৰ এজন যুৱকে যোৱা বছৰৰ ফেব্ৰুৱৰী মাহত আঘাতপ্ৰাপ্ত অৱস্থাত এটা সাৰস ক্ৰেইন পক্ষী উদ্ধাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ সেই সাৰসটোক নিজ গৃহলৈ লৈ আহি পৰিচৰ্যাৰে সুস্থ কৰি তুলিছিল।
আৰিফৰ এই পৰিচৰ্যাত আছিল নিৰ্ভেজাল ভালপোৱা। সেই কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছিল এই বন্য পক্ষীও। সেয়ে দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব। আৰিফে সাৰসটোক মুকলি কৰি ৰাখিছিল যদিও সি আৰিফক এৰি গুছি যোৱা নাছিল। বিগত এটা বছৰে আৰিফৰ সৈতেই সময় পাৰ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d415ef1e-341a-4a27-9257-f331670918ba/18cafdda_7da4_4925_b473_4db68bad57f1.jpg)
আৰিফ আৰু সাৰসৰ এই বন্ধুত্বই লাহে লাহে আমেঠিৰ পৰিসৰ ভেদ কৰি উত্তৰ প্ৰদেশত প্ৰচাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ সিং যাদৱকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই আৰিফ আৰু সাৰসৰ এই বন্ধুত্বক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিলে।
কিন্তু এই বিষয়ে অৱগত হোৱাৰ পাছতে বন বিভাগে আৰিফৰ পৰা সাৰসটো জব্দ কৰে আৰু চিৰিয়াখানালৈ লৈ আহে। বন্দী কৰি ৰাখে লোৰ পিঞ্জৰাৰ মাজত। কেইদিনমানৰ আগলৈকে মুকলি মনেৰে আৰিফৰ সৈতে সময় পাৰ কৰা সাৰসটো মুহূৰ্ততে হৈ পৰিল নিসংগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/450949a1-275d-43bb-8355-0559674dd0fc/2d12c3c3_a79f_4cd6_b6f4_f4ad2390637b.jpg)
মুকলি মনেৰে উমলি থকা সাৰসটো বন্দী হ’ল পিঞ্জৰাত। বন্ধুক হেৰুৱাই এতিয়া কানপুৰৰ চিৰিয়াখানাৰ পিঞ্জৰাত অতি দুখ, কষ্টৰে সময় পাৰ কৰিছে সাৰসটোৱে। বাদ দিছে খোৱা-বোৱা।
সাৰস আৰু আৰিফৰ মাজৰ এই বন্ধুত্বক লৈও আৰম্ভ হৈছে ৰাজনীতি। যি ৰাজনীতিৰ বাবেই এতিয়া দুয়ো বিচ্ছেদিত। ইফালে আৰিফৰ বিৰুদ্ধে বন্য জীৱ-জন্তু সুৰক্ষা আইন ভংগ কৰাৰ অভিযোগত জাননী জাৰি কৰা হৈছে।
ৰাজনীতিৰ অংশ হৈ পৰা সাৰসটোক চাবলৈ যোৱা আৰ্যনগৰৰ সমাজবাদী পাৰ্টীৰ বিধায়ক অমিতাভ বাজপেই চিৰিয়াখানাত উপস্থিত হোৱাৰ পিছতেই তেওঁক আৰক্ষীয়ে বাধা প্ৰদান কৰিলে। সাৰসটোক সাক্ষাতৰ অনুমতি নাপালে বিধায়কগৰাকীয়ে।
ইফালে মহম্মদ আৰিফেও সাৰসটোৰ সৈতে পাৰ কৰা মধুৰ মুহূৰ্তৰ দৃশ্য সমূহ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে।
Mohd Arif rescued a Sarus crane in Amethi Uttar Pradesh. Now the saras follows him everywhere he goes.
pic.twitter.com/V9YIweJSEh— Ahmed Khabeer احمد خبیر (@AhmedKhabeer_) February 24, 2023
Also Read: নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ