নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ

নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ
নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ

ডিজিটেল ডেস্কঃ এফালে পাৰ্কিংৰ অসুবিধা আনফালে যানবাহন আৰক্ষীৰ ৰাজহ সংগ্ৰহৰে অভিলেখ ! যোৰহাটত ২০২২-২৩ বিত্তীয় বৰ্ষত পৰিবহন বিভাগে অভিলেখসংখ্যক ৬১ কোটি ৭১ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১৯–২০ বিত্তীয় বৰ্ষত ৩৩ ৩৭ কোটি ৪১ লাখ আৰু ২০২০–২১ বিত্তীয় বৰ্ষত ৩৩ কোটি ৩৩ লাখ টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিছিল।

চলিত বিত্তীয় বৰ্ষত মাহে ৫ কোটি ১৫ লাখ টকাকৈ ৰাজহ সংগ্ৰহ কৰা যোৰহাট পৰিবহন বিভাগে অত্যাধিক গতিৰে গাড়ী চলোৱা ১০ হাজাৰ বাহনৰ লগতে অত্যাধিক বোজা কঢ়িওৱা বাহন আদিৰ ওপৰত জৰিমণা বিহি এই ৰাজহ সংগ্ৰহ কৰিছে। ইয়াৰোপৰি পৰিবহন বিভাগে যোৰহাট চহৰত যানবাহন আইন ভংগকাৰীৰ পৰা ২৭ মাৰ্চ পৰ্যন্ত ৩ কোটি ৬৭ লাখ টকাৰ জৰিমণা সংগ্ৰহ কৰিছে।

উল্লেখ্য যে, যোৰহাট চহৰত বিগত দিন কেইটাত যান-বাহন আৰক্ষীয়ে এক প্ৰকাৰৰ ট্ৰাসৰ সৃষ্টি কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছিল। পাৰ্কিঙৰ সুব্যৱস্থা নথকা চহৰখনত পথৰ কাষত য'তে ত'তে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি উঠাৰ বাবেও যান-বাহন পাৰ্কিং কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে চহৰখনৰ লোকসকল।

আনহাতে গ্ৰামাঞ্চলটো যান-বাহন আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যোৰহাট চহৰত পাৰ্কিং বিচাৰি হাবাথুৰি খাই থকাৰ সময়তেই যান-বাহন আৰক্ষীয়ে ভুল পাৰ্কিঙৰ নামত জৰিমণা বিহাৰ জাননী লাভ কৰাৰ অভিযোগ কম নহয়। সেয়ে ৰাজহ সংগ্ৰহৰে অভিলেখ গঢ়া যোৰহাট পৰিবহন বিভাগ তথা যান-বাহন আৰক্ষীক চহৰখনৰ লোকসকলে পাৰ্কিঙৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

নাই পাৰ্কিঙৰ সুব্যৱস্থা, জনতাই ভৰিব লাগে জৰিমণাঃ যোৰহাট পৰিবহন বিভাগৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ
মানুহৰ জীৱনৰ লগত খেলা ! হাজাৰৰো অধিক ভুৱা ফাৰ্মাচিষ্টৰে ভৰি আছে ৰাজ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in