প্ৰতিৰক্ষা বিভাগক হস্তান্তৰ ৰণতৰী আই এন এছ ইম্ফল...

প্ৰতিৰক্ষা বিভাগক হস্তান্তৰ 'ৰণতৰী আই এন এছ ইম্ফল'
প্ৰতিৰক্ষা বিভাগক হস্তান্তৰ 'ৰণতৰী আই এন এছ ইম্ফল'

ডিজিটেল ডেস্কঃ সংঘৰ্ষত জৰ্জৰিত মণিপুৰ। ৰাজ্যখনৰ ইম্ফল চহৰতো একেই অৱস্থা। দুই গোষ্ঠীৰ সংঘৰ্ষত জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰ কেন্দ্ৰত শাসকীয় দলটোৰ বাবে এতিয়া গুৰুত্বহীন।

মণিপুৰক এক প্ৰকাৰে একাষৰীয়া কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়েও। অৱশ্যে তাৰ মাজতে ইম্ফলৰ বাবে আহিল এক সুখবৰ। দেশৰ প্ৰতিৰক্ষা বিভাগে ইম্ফলৰ নামেৰে নামকৰণ কৰি ৰণতৰী আই এন এছ ইম্ফল ভাৰতীয় নৌ-সেনাক অৰ্পণ কৰা হৈছে।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মঙ্গলবাৰে এই ৰণতৰী আই এন এছ ইম্ফল আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছে। ইফালে ক্ষেপণাস্ত্র বিধবংসী আই এন এছ ইম্ফল নৌসেনা বাহিনীত অন্তৰ্ভুক্ত হোৱাৰ বিষয়টো ভাৰতৰ বাবে গৌৰৱৰ মুহূর্ত আৰু এই ৰণতৰীখন প্ৰতিৰক্ষা ক্ষেত্রত দেশত বর্ধিত আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰণতৰীখনক ভাৰতৰ নৌ-সেনাৰ উৎকৃষ্টতা আৰু আভিযান্ত্রিক ক্ষমতাৰ প্রতীক বুলি অভিহিত কৰিছে। তেওঁ লগতে আত্মনির্ভৰশীলতাৰ এই মাইলৰ খুঁটিত উপনীত হোৱা প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে প্রশংসাও কৰে।

সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো ভাৰততে নিৰ্মাণ কৰা ৰণতৰীখনৰ নাম উত্তৰ-পূৰ্বাঞ্চলৰ চহৰ ইম্ফলৰে নামকৰণ কৰাটো উত্তৰ-পূববাসীৰ বাবেই গৌৰৱৰ মুহূর্ত বুলি প্রকাশ কৰিছে।

প্ৰতিৰক্ষা বিভাগক হস্তান্তৰ 'ৰণতৰী আই এন এছ ইম্ফল'
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in