জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে অভিনেত্ৰীৰ বলাৎকাৰৰ অভিযোগ...

জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে অভিনেত্ৰীৰ বলাৎকাৰৰ অভিযোগ...
জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে অভিনেত্ৰীৰ বলাৎকাৰৰ অভিযোগ...

ডিজিটেল ডেস্কঃ দেশৰ প্ৰখ্যাত জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে উত্থাপিত হৈছে বলাৎকাৰৰ অভিযোগ। এগৰাকী মহিলাই মুম্বাইৰ বিকেচি আৰক্ষী থানাত জিন্দালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপনেৰে অভিযোগ দাখিল কৰিছে।

পেছাত অভিনেত্ৰী এই মহিলাগৰাকীৰ অভিযোগ অনুসৰি ২০২২ ৰ জানুৱাৰীত মুম্বাইস্থিত জিন্দাল বান্দ্ৰা-কুৰ্লা কম্প্লেক্সৰ মুখ্য কাৰ্যালয়ৰ পেণ্ট হাউচত তেওঁৰ সৈতে এই অপকৰ্ম সংঘটিত কৰিছিল জিন্দালে। এই সন্দৰ্ভত তেওঁ আৰক্ষীৰ কাষ চাপিছিল যদিও তেওঁৰ অভিযোগ গুৰুত্বসহকাৰে লোৱা নাছিল।

ইয়াৰ পিছত তেওঁ আদালতৰ কাষ চাপিছিল। আদালতৰ নিৰ্দেশত এতিয়া আৰক্ষীয়ে এই গোচৰ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৩৫৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰৰ আধাৰতে আৰম্ভ হৈছে তদন্ত। এই সংক্ৰান্তত ইতিমধ্যে জিন্দাল গোষ্ঠীৰ সৈতেও যোগাযোগ কৰা হৈছে। কিন্তু তেওঁলোকৰ ফালৰ পৰা এতিয়াও কোনো বিবৃতি অথবা স্পষ্টিকৰণ প্ৰকাশ পোৱা নাই।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ২০২১ ত অভিনেত্ৰীগৰাকীয়ে ডুবাইত আই পি এলৰ মেচ উপভোগ কৰিবলৈ গৈছিল। তাতেই তেওঁ সজ্জন জিন্দালৰ সৈতে কথা বাৰ্তাত মিলিত হৈছিল।

ষ্টেডিয়ামৰ ভি ভি আই পি বক্সত তেওঁলোকে এজনে আনজনক লগ পাইছিল। ইয়াৰ পাছত জয়পুৰৰ সাংসদ প্ৰফুল্ল পেটেলৰ পুত্ৰৰ বিয়াতো তেওঁলোকৰ মাজত সাক্ষাৎ হৈছিল।

অভিনেত্ৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি পৰৱৰ্তী সময়ত তেওঁলোকে মোবাইল নম্বৰো আদান-প্ৰদান কৰে। ইয়াৰ পাছত মুম্বাইত সাক্ষাৎ হয়। মুম্বাইত তেওঁৰ ভাতৃৰ এক সম্পত্তি ক্ৰয়ৰ বাবেও আগ্ৰহী হৈছিল জিন্দাল।

ইয়াৰ পাছৰে পৰা জিন্দালে অভিনেত্ৰীগৰাকীক 'বেবী' বুলি মাতিবলৈ আৰম্ভ কৰে। তাৰ পাছত মাজে মাজে প্ৰায়ে অভিনেত্ৰীগৰাকীক তেওঁৰ ব্যক্তিগত জীৱনৰ কথা বতৰা সুধিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা 'আলিংগণ' কৰিছিল। কেতিয়াবা জিন্দালৰ এনে আচৰণত বিৰক্তিও হৈছিল অভিনেত্ৰীগৰাকী।

ইয়াৰ মাজতে ২০২২ ত এক বৈঠকত অভিনেত্ৰীগৰাকী মিলিত হৈছিল জিন্দালৰ সৈতে। এই বৈঠক অনুষ্ঠিত হৈছিল জিন্দাল গোটৰ মুখ্য কাৰ্যালয়ত। তাৰ পাছতেই তেওঁক জিন্দালে বলাৎকাৰ কৰিছিল বুলি দাবী কৰিছে তেওঁ।

অৱশ্যে ইয়াৰ পাছতো তেওঁ জিন্দালৰ সৈতে কিছু দিন যোগাযোগত আছিল। কিন্তু হঠাৎ এই যোগাযোগ বন্ধ কৰি দিয়ে। তেওঁৰ নম্বৰো ব্লক কৰে। এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলে ইয়াৰ ফল ভূগিৱ লাগিব বুলিও ধমকি দিছিল জিন্দালে।

জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে অভিনেত্ৰীৰ বলাৎকাৰৰ অভিযোগ...
ওদালগুৰি প্ৰীমায়াৰ লীগঃ ইউনাইটেডৰ বৃহৎ জয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in