ওদালগুৰি প্ৰীমায়াৰ লীগঃ ইউনাইটেডৰ বৃহৎ জয়...

ওদালগুৰি প্ৰীমায়াৰ লীগঃ ইউনাইটেডৰ বৃহৎ জয়...
ওদালগুৰি প্ৰীমায়াৰ লীগঃ ইউনাইটেডৰ বৃহৎ জয়...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি ইউ পি এল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত আজিৰে পৰা ওদালগুৰিত অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক ওদালগুৰি প্ৰীমিয়াৰ লীগ-২০২৩। সেই উপলক্ষে ইউ পি এলৰ পতাকা উত্তোলন কৰে উপ-সভাপতি সমৰ হাজৰিকাই।

ইউপিএলৰ ট্ৰফী উন্মোচন কৰে সমাজসেৱক মিনন মোচাহাৰীয়ে। ইয়াৰ পাছত প্ৰতিযোগিতাখনি মুকলি কৰে এম চি এল‌ এ দিপক মৌৰে। ইয়াৰ পাছতে ইউনাইটেড ইউথ ক্লাৱ বনাম পূৱনগৰ মেধিপাৰা ইউথ ক্লাৱৰ মাজত প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ইউনাইটেড ক্লাৱ ৯৬ ৰাণত জয়ী হয়।

খেলখনত টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে ইউনাইটেড ইয়ুথ ক্লাৱে ২০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ১৯২ ৰাণ সংগ্ৰহ কৰে। ইউনাইটেডৰ মৌডুদ আলমে সৰ্বাধিক ৮৬ ৰাণৰ বৰঙণি আগবঢ়ায়।

মেধিপাৰাৰ দুৰ্লভ দাসে তিনিটা ইউকেট দখল কৰে। প্ৰত্যুত্তৰত বেট ধৰি মেধিপাৰাই ১৫.৩ অভাৰত আটাইকেইটা ইউকেট হেৰুৱাই ৯৬ ৰাণত ইনিংছ সামৰে। খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইউনাইটেডৰ মৌডুদ আলমে।

ওদালগুৰি প্ৰীমায়াৰ লীগঃ ইউনাইটেডৰ বৃহৎ জয়...
শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিবেশন উপলক্ষে লাইখুঁটা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in