৩৬ জন ভক্তৰ মৃত্যু হোৱা মন্দিৰত প্ৰশাসনৰ বুলড'জাৰ...

মন্দিৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ এই অভিযান। এই মন্দিৰটোতেই মৃত্যু হৈছিল ৩৬ জন লোকৰ।

author-image
Asomiya Pratidin
New Update
৩৬ জন ভক্তৰ মৃত্যু হোৱা মন্দিৰত প্ৰশাসনৰ বুলড'জাৰ...

ডিজিটেল ডেস্কঃ এইবাৰ মন্দিৰত চলিল প্ৰশাসনৰ বুলড'জাৰ। মন্দিৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ এই অভিযান। এই মন্দিৰটোতেই মৃত্যু হৈছিল ৩৬ জন লোকৰ। ইন্দোৰৰ কুৱাত পৰি ভক্তৰ মৃত্যু হোৱা ঘটনাৰ পাছতেই প্ৰশাসনৰ এই সিদ্ধান্ত।

৩০ মাৰ্চত ৰাম নৱমী উৎসৱৰ সময়ত ছাদ খহি পৰাৰ ফলত ২১ গৰাকী মহিলা আৰু দুটা শিশুসহ ৩৬ জন ভক্তৰ মৃত্যু হৈছিল। তাৰ পাছতেই সোমবাৰে পৌৰ নিগম আৰু আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ অবৈধ নিৰ্মাণত বুলডজাৰ চলায়।

মন্দিৰৰ অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ বাবে ঘটনাস্থলীত জেচিবিকে ধৰি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰা হয়। লগতে বহু সংখ্যক আৰক্ষীয়ো মোতায়ন কৰা হয়।

উল্লেখ্য যে, এই অবৈধ নিৰ্মাণৰ বিৰুদ্ধে বহু জনে অভিযোগ উত্থাপন কৰিছিল। একাংশই এই নিৰ্মাণ ভাঙি দিয়াৰ দাবী জনাইছিল।

Also Read: কেজৰিৱালৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব হিমন্ত বিশ্বই...

indore