কেজৰিৱালৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব হিমন্ত বিশ্বই...

গুৱাহাটীৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ আক্ৰমণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
সোমবাৰে ঢকুৱাখনাত ভূমি পট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কেজৰিৱালৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব হিমন্ত বিশ্বই...

ডিজিটেল ডেস্কঃ ২ এপ্ৰিলত অসমলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। গুৱাহাটীৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ আক্ৰমণ কৰিছিল।

Advertisment

তাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেজৰিৱালৰ বিৰদ্ধে মানহানি গোচৰ দিব বুলি পুনৰ ভাবুকি প্ৰদান কৰে শৰ্মাই। লগতে কয় যে, তেওঁ দিল্লীলৈ যাব, কিন্তু মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ কেৱল "নিজে গুগল" কৰিব পৰা ঠাইসমূহহে ভ্ৰমণ কৰিব।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত ৰাজনৈতিক যুঁজ খন পুৰণি। কেজৰিৱাল অসমলৈ অহাৰ পূৰ্বেও শৰ্মাই তেওঁৰ ওপৰত মানহানিৰ গোচৰ দিয়া কৈছিল।

Also Read: এন এইচ পি চি নদীবান্ধত ভয়ংকৰ ভূমিস্খলন

himanta biswa sarma arvind kejriwal