/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/83ecabe0-3aad-4816-a79c-1e828f8c1e1e/indigo.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ বাবে পাকিস্তানৰ আকাশমাৰ্গত ভাৰতীয় বিমান। শনিবাৰে বিয়লি ইণ্ডিগো বিমান সংস্থাৰ এখন বিমানে অমৃতসৰৰ পৰা আহমেদাবাদ অভিমুখে যাত্ৰা কৰিছিল।
কিন্তু বতৰে বিধি-পথালি দিয়াত সন্ধিয়া প্ৰায় ৭-৩০ বজাত উক্ত বিমানখনে পাকিস্তানৰ উত্তৰ লাহোৰত প্ৰৱেশ কৰে। অৱশ্যে বতৰৰ অৱস্থা স্বাভাৱিক হোৱাত বিমানখনে সন্ধিয়া প্ৰায় ৮-০১ বজাত পুনৰ ভাৰতীয় আকাশী পথলৈ উভতি আহে।
নিয়ম অনুসৰি ৰাষ্ট্ৰীয় বিমানে অনুমতি অবিহনে কোনো বিদেশী ৰাষ্ট্ৰত প্ৰৱেশ নিষিদ্ধ। কিন্তু প্ৰাকৃতিক কাৰক তথা উল্লেখিত ধৰণৰ পৰিস্থিতিৰ সন্মুখী হ'লে ইয়াক আন্তৰ্জাতিকভাৱে অনুমতি প্ৰদান কৰা হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পাকিস্তানৰ বিমান প্ৰতিকূল বতৰৰ বাবে ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰা নজিৰ আছে। পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ এখন বিমানে ভাৰতৰ আকাশত প্ৰায় ১০ মিনিট সময় ৰৈ পুনৰ গন্তব্য স্থানলৈ যাত্ৰা কৰিছিল।
Also Read: মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা : সভাপতি হিচাবে পুনৰ গুৰুজ্যোতি দাস