/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/160fe2b0-6783-44e2-8894-aea40018780f/guru.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা । দেওবাৰে অনুষ্ঠিত হয় এই সভাখন। মঙলদৈ ক্ৰীড়া সন্থাৰ নতুন সভাপতি হিচাবে পুনৰবাৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু সাধাৰণ সম্পাদক হিচাবে উদ্যোগপতি অনুপম ডেকা নিৰ্বাচিত হয়।
বিগত ৪ বছৰীয়া কাৰ্যকালত সন্তুষ্ট হৈ মঙলদৈবাসীয়ে দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাপে মনোনীত কৰে প্ৰাক্তন বিধায়কগৰাকীক। গুৰুজ্যোতি দাসৰ কাৰ্যকালত দৰঙৰ বহু কেইগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ পাইছে বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে। অনাগত দিনত মঙলদৈত খেলুৱৈ সৃষ্টি কৰা আৰু খেলৰ আন্তঃগাথঁনি উন্নত কৰাই মঙলদৈ ক্ৰীড়া সন্থাৰ মুল উদ্দেশ্য হ'ব বুলি উল্লেখ কৰে।
Also Read: তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠানত প্ৰমোদ বড়ো