/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/61744ebc-d87d-4c4d-8c10-7cd024f04afb/mathauri.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ এক আঁচনি । উজনি আৰু উত্তৰ অসমৰ ৪খন জিলাক সামৰি সুচল পথ যোগাযোগেৰে উপকৃত হব পৰাকৈ গ্ৰহণ কৰা মাজুলীৰ পৰা ডিব্ৰুগড় জিলাক সংযোগ কৰাৰ এই অভিলাসী আঁচনিলৈ নামি আহিছে মহাবিপর্যয়।
মাজুলী জিলা লোকনিৰ্মান বিভাগ ,ঢকুৱাখনা লোকনিৰ্মান বিভাগ , ধেমাজি লোকনিৰ্মান বিভাগ আৰু জোনাই লোকনিৰ্মান বিভাগৰ অন্তৰ্গত প্ৰায় ৪৬.৮৬ কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰে পাৰে অৱস্থিত মথাউৰীটো পকী পথলৈ উন্নীত কৰাৰ প্ৰশাসনিক তৎপৰতা সোণোৱাল মন্ত্ৰীসভাৰ কাৰ্যকালতেই আৰম্ভ হৈছিল।
পৰৱৰ্তী সময়ত এই অভিলাসী আঁচনি ৰূপায়ণৰ বাবে ঢকুৱাখনা লোকনিৰ্মান বিভাগৰ অন্তৰ্গত টেকেলিফুটাৰ পৰা লোটাচুৰ পৰ্যন্ত প্ৰায় ১৯.০৫ কিলোমিটাৰ পকী পথ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাবাৰ্ডৰ আৰ আই ডি এফ শিতানৰ পৰা প্ৰায় ৪৩ কোটি ৯১ লাখ টকা আৱন্তন দি কামৰ আৱন্তন পৰ্যন্ত দিছিল। সেই অনুক্ৰমে ঢকুৱাখনা অংশৰ পথ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰা হয় ।
ঢকুৱাখনা অংশৰ নিৰ্মাণ কাম প্ৰাককলন অনুসৰি পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনট্ৰেক্টৰ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিলে ঠিকেই। কিন্তু প্ৰায় ১৯.০৫ কিলোমিটাৰ দৈৰ্ঘৰ এই ৪৩ কোটি টকীয়া পকী পথ নিৰ্মাণত উঁই পোকে মহা তাণ্ডৱ চলাই পথৰ স্থায়ীত্বলৈ মহা সংকট নমাই আনিছে।
তথ্য মতে ইতিমধ্যে পথ নিৰ্মাণৰ সম্পূৰ্ণ হোৱা সমগ্ৰ মথাউৰীটোৰ "চাইড বাম"ত উঁই পোকে আভ্যন্তৰত খান্দি দিয়াৰ পাছত বৰষুণ দিলেই পানী গাঁতত সোমাই ভয়াৱহ ৰেইনকাট সৃষ্টি কৰি পথ তথা মথাউৰীতোলৈ মহা সংকট নমাই আনিছে। ঠিকাদাৰ গোষ্ঠী পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনষ্ট্ৰাকচনৰ প্ৰতিনিধিয়ে জনোৱা মতে নতুনকৈ মাটি পেলাই ৰুলিং কৰি সমগ্ৰ মথাউৰীটো সৱলীকৰণ কৰি শিলবালি দি মজবুতকৈ নিৰ্মাণ কৰা হৈছে ।
কিন্তু আচৰিতভাৱে সমগ্ৰ মথাউৰীটোৰ বিভিন্ন অংশৰ "কান্ত্ৰি চাইড"ত উঁই হাফলু সৃষ্টি হৈ আভ্যন্তৰ ফোঁপোলা কৰি দিয়াৰ পাছত মহা সমস্যাই দেখা দিছে । লোকনিৰ্মান বিভাগৰ কার্যবাহী অভিযন্তা ,সহকাৰী কাৰ্যবাহী অভিযন্তাক এই জটিল সমস্যা সন্দৰ্ভত অৱগত কৰি বিভিন্ন অংশত কীটনাশক প্ৰয়োগ কৰিছে যদিও এই তাণ্ডৱ স্থায়ী প্ৰতিৰোধ কৰাটো সম্ভৱ হোৱা নাই ।
লোকনিৰ্মান বিভাগ আৰু ঠিকাদাৰ পক্ষই শীঘ্ৰে এই সন্দৰ্ভত জৰুৰী কার্যব্যৱস্থা গ্ৰহণ নকৰিলে আহিবলগীয়া সময়ত ৪৩ কোটি টকীয়া গুৰুত্বপূৰ্ণ পথটোৰ লগতে মথাউৰীতো উচন যোৱাটো নিশ্চিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a8386571-7cc9-4523-b9a8-5038af3705b7/bcecb4fe_96d8_4d28_9a7f_a360838c5508.jpg)
Also Read: লক্ষ্য লোকসভা নিৰ্বাচনঃ তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ