গুণোৎসৱৰ ফলাফলঃ ২০২২ ৰ তুলনাত ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠানে লাভ কৰিলে 'A+' গ্ৰেড

গুণোৎসৱৰ ফলাফলঃ ২০২২ ৰ তুলনাত ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠানে লাভ কৰিলে 'A+' গ্ৰেড
গুণোৎসৱৰ ফলাফলঃ ২০২২ ৰ তুলনাত ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠানে লাভ কৰিলে 'A+' গ্ৰেড

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ল গুণোৎসৱৰ ফলাফল। জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই ফলাফল।

ঘোষণা কৰা ফলাফল অনুসৰি শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থান লাভ কৰিছে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে গোলঘাট জিলাই।

উল্লেখ্য, ২০২২ ৰ গুণোৎসৱতো শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ মাজুলীয়ে দ্বিতীয় আৰু নলবাৰীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

গুণোৎসৱ ২০২৩ ত মুঠ ৪৪ হাজাৰ ৫৩১ খন বিদ্যালয় সামৰি লোৱা হয়। ২০২২ ৰ গুণোৎসৱত সামৰি লোৱা হৈছিল ৪৫ হাজাৰ ৭৩৫ খন বিদ্যালয়। আনহাতে গুণোৎসৱ ২০২৩ ত সামৰি মুঠ ৪১ লাখ ৩৫ হাজাৰ ১৬৩ গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হৈছে। ২০২২ ত মুঠ ৩৮ লাখ ৯৮ হাজাৰ ৩০৮ গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হৈছিল।

২০২২ ৰ তুলনাত ২০২৩ ত গুণোৎসৱে সামৰি লোৱা শিক্ষানুষ্ঠানৰ সংখ্যা হ্ৰাস পাইছে যদিও শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। সেইদৰে ২০২২ ৰ গুণোৎসৱৰ সময়ত মুঠ পৰিদৰ্শক জড়িত আছিল ১৮ হাজাৰ ৭৫২ জন। ২০২৩ ৰ গুণোৎসৱত মুঠ পৰিদৰ্শক জড়িত হৈছে ১৮ হাজাৰ ৯৭ গৰাকী।

২০২২ বৰ্ষত 'A+' গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা আছিল ৪ হাজাৰ ৮৪১ খন। শতাংশৰ হিচাপত এই সংখ্যা আছিল মুঠ বিদ্যালয়ৰ ১১.৫৬ শতাংশ। ২০২৩ বৰ্ষত 'A+' গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১১ হাজাৰ ৮৮৬ খনলৈ বৃদ্ধি পাইছে। শতাংশৰ হিচাপত এই সংখ্যা হৈছেগৈ ২৮.৬৪ শতাংশ।

২০২২ ত 'A' গ্ৰেড পোৱা শিক্ষানুষ্ঠান আছিল ১৭ হাজাৰ ৪১ খন। মুঠ শিক্ষানুষ্ঠানৰ তুলনাত ৪০.৬৯ শতাংশ। ২০২৩ ত 'A' গ্ৰেড পোৱা শিক্ষানুষ্ঠান ১৯ হাজাৰ ১৭২ খনলৈ বৃদ্ধি পাইছে। মুঠ শিক্ষানুষ্ঠানৰ তুলনাত এই সংখ্যা ৪৬.১৯ শতাংশ।

২০২২ ত B গ্ৰেড পোৱা শিক্ষানুষ্ঠান আছিল ১৩ হাজাৰ ২০৭ খন। মুঠ শিক্ষানুষ্ঠানৰ তুলনাত এই সংখ্যা ৩১.৫৪ শতাংশ। ২০২৩ ত B গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৭ হাজাৰ ৭১০ খন। মুঠ শিক্ষানুষ্ঠানৰ তুলনাত এই সংখ্যা ১৮.৫৮ শতাংশ।

২০২২ ত C গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা আছিল ৪ হাজাৰ ৬৬০ খন (১১.১৩ শতাংশ)। তাৰ তুলনাত ২০২৩ ত C গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১ হাজাৰ ৯৭২ খন (৪.৭৫ শতাংশ)। ২০২২ ত D গ্ৰেড পোৱা শিক্ষানুষ্ঠানৰ সংখ্যা ২ হাজাৰ ১২৯ খন (৫.০৮ শতাংশ) আৰু ২০২৩ ত D গ্ৰেড পোৱা শিক্ষানুষ্ঠানৰ সংখ্যা ৭৬৭ খন (১.৮৫ শতাংশ)।

মন কৰিবলগীয়া যে, ২০২২ বৰ্ষত 'A', 'B', 'C' আৰু 'D' গ্ৰেড পোৱা ৮ হাজাৰ ৩৮০ খন বিদ্যালয়ে ২০২৩ ৰ গুণোৎসৱত 'A+' গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। গুণোৎসৱৰ ফলাফল ঘোষণাৰ এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগৰ সকলো বিষয়া, কৰ্মচাৰী, মহাবিদ্যালয়, বিদ্যালয় আদিৰ শিক্ষক, শিক্ষাৰ্থী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। গুণোৎসৱৰ এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে ১৮ হাজাৰ পৰিদৰ্শক জড়িত হৈ আছিল।

গুণোৎসৱৰ ফলাফলঃ ২০২২ ৰ তুলনাত ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠানে লাভ কৰিলে 'A+' গ্ৰেড
তুষাৰপাতৰ মাজতে আজি মুকলি হ'ল কেদাৰনাথৰ দুৱাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in