/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ce9e3fe9-42fa-4add-9d66-1ca76d9f15dd/AP_FOR_WEB_kashmir.jpg)
মুকলি হোৱাৰ দিশে তাঁৰৰ দ্বাৰা নিৰ্মিতি দেশৰ প্ৰথমখন ৰে'ল দলংঃ অপৰূপ সৌন্দৰ্যত মুগ্ধ হ'ব সকলো...
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশত মুকলি হ'বলৈ সাজু হৈছে তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে'লৰ দলং। ভূস্বৰ্গ হিচাপে খ্যাত কাশ্মীৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত নিৰ্মাণ কৰা হৈছে তাঁৰৰ এই ৰে'ল দলংখন।
ভাৰতীয় ৰে'লৱেৰ ৩৭ হাজাৰ কোটি টকীয়া ব্যয়বহুল প্ৰকল্প উধামপুৰ-শ্ৰীনগৰ আৰু বাৰমুলাৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে এই ৰে'ল দলংখন। খবৰ অনুসৰি দেশৰ প্ৰথমখন তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে'ল দলং হিচাপে চিহ্নীত হোৱা এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হোৱাৰ দিশে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3b911f53-2159-4319-a03e-5ec4370eb0e3/1699533142_17.jpg)
কাশ্মীৰৰ ৰিয়াছি জিলাৰ অঞ্জি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে এই ৰে'ল দলংখন। ইয়াৰ নাম দিয়া হৈছে অঞ্জি খাদ সেতু। এই অঞ্জি খাদ সেতুৱে ৰিয়াছি আৰু কাটৰা চহৰক ৰে'ল পথৰ জৰিয়তে সংযুক্ত কৰিব।
বৰ্তমান ৰে'লৰে কাশ্মীৰলৈ গ'লে পৰ্যটক তথা ৰে'ল যাত্ৰীসকলৰ ভৰসা কেৱল জম্মুৰ তাৱী ষ্টেচন। শ্ৰীনগৰৰ পৰা ৩০০ কিলোমিটাৰ আঁতৰত থকা এই ৰে'ল ষ্টেচনটোৱে কাশ্মীৰক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে।
সেয়েহে অঞ্জি খাদ সেতু মুকলি হ'লে কাশ্মীৰৰ আৰু অধিক গভীৰলৈ ৰে'ল সংযোগ সম্ভৱ হৈ পৰিব। পোহৰলৈ আহিব কশ্মীৰৰ আৰু অধিক মনোমোহো সৌন্দৰ্যৰ ছবি। পৰ্যটকৰ বাবে মুকলি হ'ব নতুন নতুন পৰ্যটন কেন্দ্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1690f278-b5d4-448a-a4fe-dd32190f53aa/1699533129_16.jpg)
অঞ্জি খাদ সেতুৰ গাঁথনিগত নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া বাকী কেৱল কিছু সৰু সৰু কাম। সেয়াও খুব সোনকালেই সম্পূৰ্ণ হৈ উঠিব। তাৰ পাছত ৰে'ল বিভাগৰ সেউজ সংকেত পালেই তাঁৰেৰে নিৰ্মিত এই ৰে'ল দলংখনৰ ওপৰেদে চলিব ৰে'ল।
ভাৰতত তাঁৰৰ দ্বাৰা নিৰ্মিত দলং বহু আছে। কিন্তু তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে'ল দলং নাই। অঞ্জি খাত সেতুৱেই হ'ব ভাৰতৰ প্ৰথমখন ৰে'ল দলং যি তাঁৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
৩৩১ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা এই ৰে'ল দলংখনৰ মাজত আছে এটা ওখ খুঁটা। সেই খুঁটাক কেন্দ্ৰ কৰি দলংখনৰ চাৰিও দিশে অনেক তাঁৰ বেৰি আছে। দলংখন দেখাত ঠিক কলকাতাৰ হুগলি দলংখনৰ দৰেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fa241e7a-7933-440e-9692-85c03528d599/1699533082_13.jpg)
দলংখনৰ তলত আছে দুই পাহাৰৰ মাজৰ গভীৰ খাদ আৰু অঞ্জি নদী। দলংখনৰ মাজৰ ষ্টপৰ দৈৰ্ঘ ১৯৩ মিটাৰ। অৱশ্যে দলংখনত ৰে'ল লাইন নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। এই বছৰৰ ভিতৰতে সেই কামো সম্পূৰ্ণ হ'ব।
এই দলংখনৰ বিশেষত্ব হ'ল ইয়াৰ বহন আৰু সহন ক্ষমতা। দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীয়ে দাবী কৰা অনুসৰি বিস্ফোৰণ কিম্বা ধুমুহা, ভূমিকম্পয়ো এই দলংখনৰ কোনো ক্ষতি কৰিব নোৱাৰে। তেনেকৈয়ে নিৰ্মাণ কৰা হৈছে দলংখন। যিকোনো বিস্ফোৰণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও আছে দলংখনৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0e8c085c-5baf-42d1-af91-6372a7d2c877/1699533071_12.jpg)
দলংখনৰ তলেৰে বৈ যোৱা অঞ্জি নৈখন কাশ্মীৰৰ চন্দ্ৰপ্ৰভা নদীৰ এখন উপনৈ। এই অঞ্জি নৈখন কাশ্মীৰৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ এখন খৰস্ৰোতা নৈ হিচাপে পৰিচিত। ইয়াৰ চৌদিশৰ প্ৰাকৃতিক সৌন্দৰ্য কল্পনাৰো অতীত। ইয়াৰ মনোমোহা সৌন্দৰ্য চালে চাই থাকিবলগীয়া।
৭২৫ মিটাৰৰ এই ৰে'ল দলংখনৰ বাবে আনুমানিক নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৪৩৫ কোটি টকা। অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই দলংখনত ব্যৱহাৰ কৰা হৈছে চেঞ্চৰ পদ্ধতি।
যদিহে কিবা কাৰণত দলংখনত কিবা বিজুগতিৰ সৃষ্টি হয় অথবা কোনো ক্ষতি হয় তেন্তে কৰ্তৃপক্ষই সহজেই সেই বিষয়া জানিব পাৰিব। ফলত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। সেয়ে তেনেধেৰণৰ দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰায় নাই বুলিবই পাৰি বুলি কৈছে নিৰ্মাতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6521b8cf-907b-434e-9acc-c6218bcbe40b/1699532965_4.jpg)
এই দলংখনৰ ওপৰেদে যেতিয়া এখন ৰে'ল পাৰ হ'ব তেতিয়া তাৰ গতিবেগ ঘণ্টাত সৰ্বোচ্চ ১০০ কিলোমিটাৰ পৰ্যন্ত হ'ব। এনে এখন ৰে'ল দলং কাশ্মীৰত স্থাপন হোৱা বিষয়তো কেৱল কাশ্মীৰৰ বাবেই নহয় দেশৰ আভ্যন্তৰীন সুৰক্ষাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।
কাশ্মীৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত নিৰ্মাণ কৰা এই দলংখন মুকলি হোৱালৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে। এই দলংখনৰ মুকলিয়ে কাশ্মীৰৰ যোগাযোগ, পৰিবহণ, পৰ্যটন, সুৰক্ষা আদি সকলো দিশলৈ যে যুগান্তকাৰী পৰিৱৰ্তন আনিব সেয়া নিশ্চিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2667a5f8-17fd-484f-bbc1-04aee79ef159/1699533049_10.jpg)
Also Read: সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....