ঘোষণা হ'ল যুৱ কংগ্রেছৰ নিৰ্বাচনৰ ফলাফল...

ঘোষণা হ'ল যুৱ কংগ্রেছৰ নিৰ্বাচনৰ ফলাফল...

ডিজিটেল ডেস্ক : মঙ্গলবাৰে ঘোষণা হ'ল যুৱ কংগ্রেছৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। সৰ্বাধিক ৬২,৭৮৩ টা ভোটত জয় লাভ জুবেইৰ আনমৰ। দ্বিতীয় সৰ্বাধিক ভোট লাভ পৰিতোষ ৰয়ৰ । পৰিতোষ ৰয়ে লাভ কৰে ৫৪,১১৩টা ভোট । আনহাতে তৃতীয় সৰ্বাধিক ভোট লাভ কৰে ডেভিদ ফুকনে। ডেভিদ ফুকনে লাভ কৰা ভোটৰ সংখ্যা ১৪,৬৯৬।

হাইকামাণ্ডে এই তিনিগৰাকীৰ এগৰাকীক দিব ৰাজ্যিক সভাপতিৰ দায়িত্ব। আৰু অন্য দুগৰাকীয়ে পাব উপ-সভাপতিৰ দায়িত্ব। হাইকামাণ্ডৰ সাক্ষাতৰ বাবে দিল্লীলৈ যাব লাগিব এই তিনিগৰাকী প্রাৰ্থীয়ে।

ইপিনে উপ-সভাপতি পদত নিৰ্বাচিত ৰাকেশ চক্রৱৰ্তী, সাগৰিকা বৰা, আনন্দ নৰহ। ইমৰান খান আৰু  প্রতিমা তাছাও নিৰ্বাচিত হৈছে উপ-সভাপতি পদত। উল্লেখ্য যে, ১,৬৬,৯৮৪ গৰাকী যুৱ কংগ্রেছীয়ে ভোটদান কৰিছিল এই নিৰ্বাচনত ।

ঘোষণা হ'ল যুৱ কংগ্রেছৰ নিৰ্বাচনৰ ফলাফল...
উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in