উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...

হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি পোৱাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী...
উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...

ডিজিটেল ডেস্ক : সময় তেতিয়া ৭ বাজি পাৰ হৈছে। এটা বিশেষ ইমেইল আহিল 'সাদিন প্ৰতিদিন গোষ্ঠী' লৈ। কৰ্ম ব্যস্ততাৰ বাবে খুলি নোচোৱা ইমেইলটোত চকু পৰিল নিশা প্ৰায় ১১ বজাতহে। ইমেইলটোত আছিল সেই ভাল খবৰটো- "হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি"।

২০২২ চনত তদানীন্তন ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উন্মোচন কৰিছিল এই অভিধানখন। অভিধানখনত আছে ৯০ হাজাৰ ৪৬০ টা শব্দ। যাৰ বাবে গীনজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত পূৰ্ণাংগ ব্ৰেইল অভিধান হিচাবে নাম অন্তৰ্ভুক্ত হ'ল অভিধান খনৰ। উল্লেখ্য যে, হেমকোষৰ ব্ৰেইল সংস্কৰণত হৈছে দ্বিভাষিক ব্ৰেইল অভিধান।

এই খবৰ বিয়পি পৰাৰ লগে লগে এক প্ৰকাৰৰ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যত। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ নেতৃত্বত প্ৰকাশ পোৱা এই অভিধানখনক লৈ এতিয়া গৌৰাম্বিত হৈ পৰিছে অসমবাসী। যাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ লগতে স্বত্বাধিকাৰ জয়ন্ত বৰুৱা তথা পৰিয়ালক শুভেচ্ছাৰে উপচাই পেলোৱাৰ পৰিলক্ষিত হৈছে। কি অসম চৰকাৰ, কি মুখ্যমন্ত্ৰী, কি প্ৰাক্তন মুখ্যমন্ত্ৰী, কি আছু নেতা অথবা বিভিন্ন দল-সংগঠন। সকলোয়ে একেমুখে শুভেচ্ছা দিছে সাদিন-প্ৰতিদিন গোষ্ঠীক।

অসম চৰকাৰে সামাজিক মাধ্যম যোগে, অসমবাসীৰ বাবে এক অত্যন্ত গৌৰৱৰ ক্ষণ বুলি কৈ জনালে বিশেষ শুভেচ্ছা। লগতে উল্লেখ কৰিলে, "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত অসমীয়া ভাষাৰ অভিধান হেমকোষৰ ব্ৰেইল সংস্কৰণে অৰ্জন কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ। এই অভিলেখে নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট আমাৰ অসমীয়া ভাষাটিক বিশ্বৰ দৰবাৰত এক অনন্য পৰিচয়েৰে জিলিকাই তুলিলে।"

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক জনাই বিশেষ শুভেচ্ছা। বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসেও টুইট যোগে জয়ন্ত বৰুৱাক জনালে শুভেচ্ছা।

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালেও এই খবৰত শুভেচ্ছা জ্ঞাপন কৰি কয় যে, "অসমীয়া ভাষাৰ অন্যতম সমৃদ্ধ আৰু পুৰণি অভিধান 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণে বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্ৰেইল অভিধান হিচাপে পৰিগণিত হৈ অভিলেখ গঢ়াৰ খবৰটো পাই আপ্লুত হৈছোঁ। অসমীয়া ভাষা-সাহিত্যক মনে-প্ৰাণে ভালপোৱা প্ৰতিজন লোকৰ বাবে এয়া অতিশয় আনন্দ আৰু গৌৰৱৰ বতৰা। প্ৰসিদ্ধ সাহিত্যিক, 'হেমকোষ'ৰ প্ৰণেতা প্ৰয়াত হেমচন্দ্ৰ বৰুৱাদেৱলৈও এয়া এক অনন্য শ্ৰদ্ধাঞ্জলি।

আনন্দৰ এই ক্ষণত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী শ্ৰী জয়ন্ত বৰুৱা আৰু 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।"

ঠিক একেদৰে আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যও বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে হেমকোষে Guinness World Recordত স্থান লাভ কৰাত প্ৰত্যেকজন অসমীয়া গৌৰৱাণ্বিত বুলি কৈ টুইট যোগে জনাই বিশেষ শুভেচ্ছা।

মুঠৰ ওপৰত এই খবৰত ৰাজ্যৰ প্ৰতিজন ব্যক্তিয়ে গৌৰাম্বিত তথা উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।

উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...
বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in